হজমৰ সমস্যাত ভুগিছে যদি দৈনিক বজ্ৰাসন কৰিবলৈ শিকক

0
92

যোগ সাধনাই শৰীৰ সুস্থ তথা সবল কৰি ৰখাত সহায় কৰে৷ বিভিন্ন প্ৰকাৰৰ যোগ তথা প্ৰাণায়ামে আমাক নিৰোগী কৰাৰ লগতে শাৰীৰিক তথা মানসিক স্বাস্থ্য ধৰি ৰখাত উল্লেখনীয় অৱদান আগবঢ়ায়৷ সেয়ে সঠিকভাৱে নিয়ম পালন কৰি যোগাসন কৰিলে উন্নত ফল পোৱা যায়৷ শৰীৰ ফিট ৰাখিবলৈ হ’লে অফিচ-কাছাৰী, সংসাৰৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো সময় উলিয়াই নিয়মিতভাৱে যোগাসন কৰাৰ অভ্যাস গঢ় দিয়ক৷ আজি এক বিশেষ আসনৰ কথা উল্লেখ কৰিব বিচৰা হৈছে৷ এই আসনবিধৰ নাম বজ্ৰাসন৷ এই আসনক বজ্ৰ আৰু অশনি ভংগিমাও বোলা হয়৷ বজ্ৰনদী কিম্বা বজ্ৰপথ সাধাৰণ অৱস্থাৰ পৰা উপলব্ধিৰ এক উজ্জ্বল পথ৷ আকাশৰ বিদু্যৎ মাটিত নামি অহাৰ আলোকজ্জ্বল পথৰ দৰেই মানুহৰ এই আধ্যাত্মিক অনুভৱৰ পথে এন্ধাৰৰ পৰা আলোকৰ ঠিকনা দিব পাৰে৷ নিয়মিতভাৱে এই আসন কৰিলে আধ্যাত্মিক শক্তি উন্নত কৰে৷ ইয়াৰ লগতে এই আসনে হজমৰ সমস্যা সহজে নিৰ্মূল কৰিব পাৰে৷ লগতে পেটৰ আন সমস্যাৰো সমাধানৰ উপায় এই আসন৷ কঁকালৰ বিষ, পিঠিৰ যন্ত্ৰণা আদিৰ পৰা মুক্তি দিব পাৰে এই আসনে৷
কিদৰে কৰিব বজ্ৰাসন ঃ- এই আসন কৰিবলৈ অতি সহজ যদিও ইয়াৰ ফলাফল কিন্তু সৰ্বশক্তিমান৷ প্ৰথমে মাটিত মেৰুদণ্ড পোন কৰি সুন্দৰকৈ বহি ল’ব৷ বহোতে আপোনাৰ নিতম্ব ভৰিৰ গোৰোহাৰ ওপৰত ৰাখিব৷ ভৰিৰ আঙুলিত বেছি চাপ নিদিব৷ এতিয়া হাত দুখন উৰুৰ ওপৰত ৰাখি চকু দুটা মুুদি জোৰকৈ উশাহ টানক আৰু এৰি দিয়ক৷ এনে সময়ত মুখেৰে ঔম ধবনি উচ্ছাৰণ কৰিব পাৰে৷ এইদৰে ১৫-২০ মিনিটমান দীঘলকৈ উশাহ টানক আৰু এৰি দিয়ক৷ এই আসন কৰাৰ সময়ত হাত দুখন প্ৰণাম বা ধ্যান ভংগীতো ৰাখিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here