মানৱ শৰীৰৰ তেজৰ গ্ৰুপবোৰ সাধাৰণতে এ, বি, এবি আৰু ও এইকেইটা ভাগত বিভক্ত৷ প্ৰত্যেকজন মানুহৰে তেজৰ গ্ৰুপ বেলেগ বেলেগ৷ তেজৰ গ্ৰুপ দুইধৰণৰ নেগেটিভ আৰু পজিটিভ৷ গৱেষণাৰ পৰা পোৱা গৈছে যে তেজৰ গ্ৰুপৰ পৰা বুজিব পাৰি মানুহজন কিমান স্মাৰ্ট বা বুদ্ধিমান৷ তেজৰ গ্ৰুপ মূলতঃ এণ্টিজেন তথা এণ্টিবডীৰ ওপৰত নিৰ্ভৰ কৰে৷ যি একধৰণৰ প্ৰ’টিন অণু৷ এণ্টিবডীবোৰ ৰক্তৰস আৰু এণ্টিজেনবোৰ লোহিত ৰক্তকণিকাৰ পৃষ্ঠত থাকে৷ গৱেষণাত কোৱা হৈছে যে তেজৰ গ্ৰুপৰ ভিতৰত দুটা গ্ৰুপৰ মানুহ খুব বুদ্ধিমান হয়৷ আনহাতে বেছিভাগ বুদ্ধিমান মানুহেই এই দুই গ্ৰুপৰ অন্তৰ্ভুক্ত৷ গৱেষণা অনুসৰি প্ৰথম স্থানত আছে বি পজিটিভ গ্ৰুপৰ মানুহখিনি৷ তেজৰ এই গ্ৰুপৰ মানুহৰ বুদ্ধি প্ৰখৰ হয়৷ তেওঁলোকৰ চিন্তা কৰাৰ বা বুজি পোৱাৰ ক্ষমতা সাংঘাতিক বেছি৷ কাৰণ এই গ্ৰুপৰ মানুহৰ মস্তিষ্কৰ ছেৰিব্ৰামৰ পেৰিটাল তথা টেম্পোৰাল লোববোৰ বেছি সক্ৰিয়, যাৰ বাবে স্মৃতিশক্তি প্ৰখৰ হয়৷ আনহাতে দ্বিতীয় স্থান থকা তেজৰ গ্ৰুপটো হ’ল ও প্লাছ৷ তেজৰ গ্ৰুপ ও প্লাছৰ লোকসকল খুব তীক্ষ্মবুদ্ধি সম্পন্ন হয়৷ এই গ্ৰুপৰ মানুহখিনি ইতিবাচক চিন্তা-ভাবনা সম্পন্ন মানুহ হয়৷ ৰক্ত সঞ্চালন আন মানুহৰ তুলনাত যথেষ্ট ভাল৷ যাৰ বাবে মগজুলৈ অক্সিজেনৰ প্ৰবাহ উন্নতভাৱে হয়৷ বি পভিটিভ তথা ও পজিটিভ ব্লাড গ্ৰুপৰ ব্যক্তিসকলৰ মগজু আন লোকতকৈ বেছি সক্ৰিয় হৈ থাকে৷