মনোযোগ বৃদ্ধিৰ বাবে বৃক্ষাসন কৰক

0
73

শৰীৰৰ লগত মনৰ অভিন্ন সম্পৰ্ক আছে৷ শৰীৰ সুস্থ থকা মানে মনটোও সু্‌স্থ হৈ থাকে৷ মানসিক স্বাস্থ্যই বিভিন্ন ক্ষেত্ৰত শৰীৰৰ লগত যুক্ত হৈ থাকে৷ মনটো ভালে ৰখা অৰ্থাৎ মনটো আনন্দ-স্ফূৰ্তিত ৰাখিব পাৰিছে যিকোনো ৰোগে সহজে আক্ৰমণ কৰিব নোৱাৰে৷ মনৰ বলত বহুতো কঠিন ৰোগ সহজে শৰীৰৰ পৰা নিৰ্মূল হ’ব পাৰে৷ সেয়ে মন আৰু শৰীৰ সুস্থ তথা সবল কৰি ৰাখিবলৈ আমি নিয়মিতভাৱে যোগব্যায়াম কৰাৰ অভ্যাস কৰিব লাগে৷ যোগেই একমাত্ৰ মাধ্যম, যিয়েই শাৰীৰিক তথা মানসিক স্বাস্থ্য ধৰি ৰাখিব পাৰে৷ এই যোগব্যায়ামৰ ভিতৰত বৃক্ষাসন এবিধ অন্যতম যোগাসন৷ যাক চৰ্চা কৰিলে সুস্থ শৰীৰ লাভ কৰিব পাৰে৷ বৃক্ষ শব্দৰ সাধাৰণ অৰ্থ হ’ল গছ৷ শাৰীৰিক ভাৰসাম্য ৰক্ষাৰ বাবে, ভৰিৰ সমস্যা নিৰ্মূল কৰিবলৈ তথা মনোযোগ বৃদ্ধিৰ বাবে বেছ উপকাৰী এই বৃক্ষাসন৷ হাত-ভৰি কঁপা, ভৰিৰ মেদ, ভৰিৰ দুৰ্বলতা, অস্তিসন্ধিৰ বিষ নিৰাময় তথা ভৰিৰ শক্তি বৃদ্ধি কৰি চলাফিৰা ক্ষমতাৰ বঢ়াই তোলা আদি বিভিন্ন সমস্যাৰ সহজে সমাধান পোৱা যায় এই আসন নিয়মিতভাৱে কৰাৰ ফলত৷ বৃক্ষাসনে দেহৰ ভাৰসাম্য ৰক্ষাৰ বাবে কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷ কান্ধৰ পেশী সবল কৰাটো এই আসন উপকাৰী৷ আনহাতে হাৰ্নিয়াৰ পৰা উপশম পাবলৈ এই আসন কৰিব পাৰে৷
কিদৰে কৰিব বৃক্ষাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে মানুহজন মেৰুদণ্ড পোন কৰি থিয় হওক৷ দুই ভৰিৰ মাজত দুই ইঞ্চিৰ ব্যৱধান ৰাখক৷ হাত দুখন স্বাভাৱিকভাৱে দুয়োকাষে ৰাখক৷ সম্পূৰ্ণভাৱে শ্বাস-প্ৰশ্বাস ল’ব৷ এতিয়া প্ৰথমে যিকোনো এখন ভৰি কোঁচাই লৈ উৰুত লগাই দিব৷ মন কৰিব যাতে ভৰিৰ তলুৱাই উৰু স্পৰ্শ কৰি থাকে৷ এনে অৱস্থাত হাত দুখন মূৰৰ ওপৰলৈ পোন কৰি নমস্কাৰৰ ভংগীত দাঙি ধৰক৷ এই সময়ত গভীৰভাৱে শ্বাস-প্ৰশ্বাস লওক আৰু মনোযোগ একাত্মভাৱে এটা কেন্দ্ৰত ৰাখি মনোযোগ ৰখাৰ চেষ্টা কৰক৷ কিছু ক্ষণ এইদৰে থাকি লাহে লাহে শ্বাস ত্যাগ কৰি ভৰিখন তললৈ নমাই দিব৷ পাছত ইয়াৰ বিপৰীত ভৰিখনেৰে এবাৰ কৰক৷ এইদৰে দুবাৰ কৰাৰ পাছত আগত অৱস্থালৈ ঘূৰি আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here