এইবোৰ কাৰণত সপ্তাহত অন্ততঃ তিনিদিন ছয়াবিন খাওক

0
87

নিৰামিষ, কিন্তু প্ৰ’টিনেৰে ভৰপূৰ খাদ্য বুলি ক’লেই ছয়াবিনৰ নামেই প্ৰথমে মনলৈ আহে৷ সকলো বয়সৰ লোকৰ কাৰণে ছয়াবিন সমানে উপকাৰী৷ বিশেষকৈ ঋতুনিবৃত্তিৰ পাছত মহিলাসকলৰ মাজত হাড়ক্ষয় যোৱাৰ প্ৰৱণতা দেখা যায়৷ এই সমস্যা কমোৱাত ছয়াবিনে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷ ইয়াৰ উপৰি ছয়াবিনৰ আছে আৰু বহু শাৰীৰিক উপকাৰিতা৷ প্ৰ’টিনসমৃদ্ধ ছয়াবিনে আমাৰ শৰীৰৰ বিভিন্ন উপকাৰ সাধন কৰে৷ শৰীৰৰ এইবোৰ উপকাৰ পাবলৈ সপ্তাহত অন্ততঃ তিনি দিন ছয়াবিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত৷ জানো আহক ছয়াবিনত তিনিটা গুৰুত্বপূৰ্ণ উপকাৰিতা৷
ইংলেণ্ড বিশ্ববিদ্যালয়ৰ এটা পৰিসংখ্যাত কোৱা হৈছে যে সদ্য ঋতুবন্ধ হোৱা মহিলাসকলে নিয়ম অনুসৰি তিনিশ গ্ৰাম ছয়াবিন ছমাহত খোৱা অভ্যাস কৰিলে অষ্টিয়োপৰোছিছৰ দৰে হাড়ৰ ক্ষয়জনিত সমস্যাৰ অনেকাংশ প্ৰতিহত কৰিব পাৰে৷ সপ্তাহত তিনি দিন ছয়াবিন আৰু নিয়মিতভাৱে ছয়ামিল্ক খালে হাড়ৰ ক্ষয় প্ৰতিৰোধ কৰিব পৰা যায়৷ ঋতুবন্ধৰ পাছত মহিলাসকলৰ হাড়ত কেলচিয়ামৰ পৰিমাণ ক্‌মি যাব পাৰে৷ যাৰ ফলত হাড় ভংগুৰ হ’ব পাৰে৷ ছয়াপ্ৰ’টিনত ফাইটোইষ্ট্ৰজেন নামৰ এক উপাদান থাকে, যিয়ে কেলচিয়ামৰ মাত্ৰা সঠিক ৰখাত সহায় কৰে৷
ছয়াবিনত আছে আইছোফ্লেভেন আৰু লেচিথিন নামৰ দুবিধ এণ্টিঅক্সিডেণ্ট৷ এইবোৰে কলেষ্টৰেলৰ মাত্ৰা স্বাভাৱিক ৰখাত সহায় কৰে৷ এই কলেষ্টৰেল দেহৰ কাৰণে অত্যন্ত ক্ষতিকাৰক৷ এই কলেষ্টৰেলে হৃদৰোগ আৰু ষ্ট্ৰ’কৰ দৰে সমস্যা বঢ়াই দিব পাৰে৷ ছয়াবিনত থকা এণ্টিঅক্সিডেণ্টে এইবোৰ সমস্যাৰ সৈতে মোকাবিলা কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷
ছয়াবিনত যথেষ্ট পৰিমাণে আইছোফ্লেভেন থাকে৷ ছাল আৰু চুলিৰ মজবুত কৰি ৰাখিবলৈ এই যৌগই সহায় কৰে৷ ইয়াৰ উপৰি ছয়াবিনত থকা লেচিথিনে যিহেতু ৰক্ত সঞ্চালন স্বাভাৱিক কৰি ৰাখে, সেয়ে ছালক কোষবোৰ সজীৱ আৰু ছালখন উজ্জ্বল কৰি ৰখাত সহায় কৰে৷ অকাল বাৰ্ধক্যৰ পৰা মুক্তিৰ উপায় হিচাপে ছয়াবিন খোৱা জৰুৰী৷ ইয়াৰ লগতে ছয়াবিনত থকা লেচিথিনে ফেটৰ বিপাকৰ হাৰ বঢ়াত সহায় কৰে৷ যাৰ ফলত ওজন নিয়ন্ত্ৰণত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here