ছালৰ সৌন্দৰ্যত কেঁচা গাখীৰ কিদৰে ব্যৱহাৰ কৰিব ?

0
91

সৌন্দৰ্যচৰ্চাত গাখীৰৰ ব্যৱহাৰ বিষয়ে আপোনালোকে নিশ্চয় জানে৷ হালধিৰ সৈতে গাখীৰ, বেচনৰ সৈতে গাখীৰ, মুলটানি মাটিৰ সৈতে গাখীৰ আদি বিভিন্ন ধৰণে গাখীৰক ছালত লগোৱা হয়৷ পিছে কেঁচা গাখীৰক যে শুদায়ো ছালত লগাব পাৰি এই কথা আপুনি জানেনে?
শুকান ছালৰ বাবে কেঁচা গাখীৰ এক উত্তম প্ৰাকৃতিক ক্লিনজাৰ৷ কেঁচা গাখীৰত থকা ভিটামিনে ছালখন চাফা কৰাৰ লগতে হাইড্ৰেট কৰি ৰখাটো সহায় কৰে৷
ইয়াত থকা ভিটামিন-এ চালৰ পিগমেনটেশ্যন, ক’লা দাগ আদিৰ সমস্যাও নিৰাময় কৰিব পাৰে৷
দৈনিক ইয়াৰ ব্যৱহাৰে ৰিংকল, ফাইনলাইন আদি আঁতৰাই বয়সৰ চাপ পৰা সম্ভাৱনা নাইকিয়া কৰে৷
একেদৰে কেঁচা গাখীৰে ছালৰ ক’লাজেন বৃদ্ধি কৰি ছাল উজ্জ্বল কৰাত বিশেষ ভূমিকা পালন কৰে৷
অকল এয়াই নহয়, ফ্ৰিজি হেয়াৰৰ সমস্যাও নিৰ্মূল কৰিব পাৰে কেঁচা গাখীৰে৷ ইয়াৰ বাবে এটা স্প্ৰে’ বটলত কেঁচা গাখীৰ ভৰাই চুলিখিনিত স্প্ৰে’ কৰিব লাগে৷ মনত ৰাখিব বেছি ওচৰৰ পৰা যাতে চুলিখিনিত স্প্ৰে’ নকৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here