শাৰীৰিক তথা মানসিক অসুবিধা নিৰাময়ৰ বাবে যোগ হৈছে উত্তম উপায়৷ বিভিন্ন প্ৰকাৰৰ যোগব্যায়ামৰ জৰিয়তে আমি ভুগি থকা বিভিন্ন শাৰীৰিক সমস্যাৰ পৰা হাত সাৰিব পাৰোঁ৷ আনহাতে যোগব্যায়ামৰ মাধ্যমেৰে এজন ব্যক্তিয়ে তেওঁ ভোগ কৰি থকা মানসিক দ্বন্দ্ব, মনৰ উদ্বেগ-উদ্বিগ্নতা আদি নিৰ্মূল কৰি স্বাচ্ছন্দ্য মনে নতুনকৈ জীৱন জিয়াব পাৰে৷ মানসিক চিন্তা-ভাবনাই এজন লোকক সহজে ৰুগীয়া কৰিব পাৰে, তেনে ক্ষেত্ৰত আপুনি যোগৰ আশ্ৰয় ল’লে সহজে এই সমস্যাৰ পৰা সমাধানৰ বাট দেখিবলৈ পাব৷ সেয়ে মনৰ স্বাস্থ্য উন্নত কৰা বা দেহটো সুস্থ-সবল কৰি ৰাখিবলৈ দৈনিক যোগব্যায়াম কৰাৰ অভ্যাস কৰক৷ আনহাতে আমাৰ বহুতৰে ক্ষেত্ৰত দেখা যায় যে ৰাতি টোপনি নাহে বা টোপনি আহিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়৷ গোটেই ৰাতি টোপনি নমৰাৰ ফলত বিভিন্ন অসুবিধাই দেখা দিয়ে৷ আমি সকলোৱে জানো যে এজন ব্যক্তিয়ে সু্স্থ হৈ থাকিবলৈ ৰাতি পৰ্যাপ্ত মাত্ৰাত টোপনি মৰাটো অতি আৱশ্যক৷ এই ক্ষেত্ৰত অনিদ্ৰাৰ পৰা হাত সাৰিবলৈ এইবোৰ আসন কৰিলে সুফল পোৱা যায়৷
সূৰ্য প্ৰণাম ঃ- প্ৰতিদিনে পুৱা শুই উঠিয়েই সূৰ্য নমস্কাৰ কৰাৰ অভ্যাস যদি আপুনি কৰিব পাৰে, তেন্তে এই সমস্যাৰ পৰা আপুনি মুক্তি পাব পাৰে৷ নিয়মিতভাৱে পুৱা অথবা আবেলি সূৰ্যোদয় আৰু সূৰ্যাস্তৰৰ সময়ত এই আসন কৰিলে মন তথা শৰীৰ সুস্থ হৈ থকাত সহায়ক হয়৷
ভ্ৰমৰী ঃ- ৰাতি টোপনি যোৱাৰ আগে আগে এই আসন কৰিলে ৰাতি টোপনি যথেষ্ট ভাল হয়৷ আদিম যুগৰ পৰাই এই আসন কৰাৰ প্ৰথা চলি আহিছে৷ এই আসনে মন শান্ত ৰখাৰ লগতে আপোনাৰ মানসিক চাপ, উদ্বেগ আদি কমোৱাত সহায় কৰে৷
কপালভাতি ঃ- সাধাৰণতে শৰীৰৰ ওজন কমাবলৈ এই যোগাসন কৰা হয় যদিও আপুনি নজনাকৈয়ে আপোনাৰ ৰাতি টোপনি উন্নত কৰাত সহায় কৰে৷ অৰ্থাৎ অনিদ্ৰাৰ সমস্যা নিৰাময়ৰ বাবে কপালভাতি যথেষ্ট কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷ মানসিক চাপ কমাই উন্নত কৰৰা লগতে ভাল টোপনি অনাৰ ক্ষেত্ৰত কপালভাতিৰ সমান ভাল আসন বেলেগ নাই বুলিয়েই ক’ব পাৰি৷