ঔটেঙা এবিধ টেঙা সোৱাদযুক্ত উপকাৰী ফল৷ ই এবিধ চিৰসেউজীয়া উদ্ভিদ৷ হাতীৰ অতিকৈ প্ৰিয় খাদ্য বাবে, ইয়াক সাধাৰণতে ‘ইলিফেণ্ট আপেল’ [elephent apple] বুলিও জনা যায়৷ ইয়াৰ বৈজ্ঞানিক নাম হ’ল ডিলিনিয়া ইণ্ডিকা [Dillenia indica]৷ ইয়াৰ পাতবোৰ মজলীয়া ধৰণৰ৷ গছডালৰ উচ্ছতা প্ৰায় ১৫ মিটাৰমান ওখ হয়৷ অসমীয়া সমাজত ঔটেঙা দাইল বা তৰকাৰীৰ আনুষংগিক উপকৰণ হিচাপে ব্যৱহাৰ কৰা হয়৷ ঔটেঙাত কম-বেছি পৰিমাণে প্ৰ’টিন, আঁহ, চৰ্বি, ফাইবাৰ, কেলচিয়াম আদিবোৰ থাকে৷ পাচনতন্ত্ৰ সুস্থ কৰা ক্ষেত্ৰত ঔটেঙাই প্ৰভাৱশালী ঔষধ হিচাপে কাম কৰে৷ ঔটেঙা খালে পেট পৰিষ্কাৰ হয়৷ ফলত শৌচ খোলোচা হয়৷ ইয়ে দেহত হোৱা বদহজম দূৰ কৰে৷ ঔটেঙাৰ বিজলেৰে মূৰ ধুলে উফি নাইকিয়া হয় লগতে চুলিত ছেম্পুৰ বিকল্প হিচাপে কাম কৰি চুলিৰ উজ্জ্বলতা বঢ়ায়৷ গৰমৰ দিনত ঔটেঙাৰ সৈতে মাছৰ জোলখন টকলিয়াই খাবলৈ কিমান সোৱাদযুক্ত হয়, তাৰ ভাষাৰে বুজাব নোৱাৰি৷ আনহাতে মধুমেহ বা ডায়েবেটিছ ৰোগীৰ বাবে ঔটেঙা সুপথ্য৷ বিভিন্ন গৱেষণাৰ পৰা পোৱা গৈছে যে ঔটেঙাই ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰে৷ ঔটেঙাই আমাৰ শৰীৰৰ ছুগাৰ নিয়ন্ত্ৰণৰ লগতে শৰীৰৰ কলেষ্টৰেল, ট্ৰাইগ্লিচাৰাইড, বেয়া চৰ্বি আদি নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ সেয়েহে ডায়েবেটিছ ৰোগীয়ে ঔটেঙা খোৱাটো অত্যন্ত লাভদায়ক৷ আনহাতে ঔটেঙাই শৰীৰৰ যকৃত, কিডনী আদি অংগসমূহক সুৰক্ষা প্ৰদান কৰে৷ এটা কথা মন কৰিবলগীয়া যে কাহ, লিভাৰৰ সংক্ৰমণ, ব্ৰংকাইটিছ আদি উপসৰ্গই দেখা দিলে ঔটেঙা খাব নালাগে৷ সেয়েহে আহক, বিশেষকৈ ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত, ঔটেঙা আমাৰ খাদ্য তালিকাত ৰাখি শৰীৰৰ সুস্থ কৰি ৰখাত সহায় কৰোঁ৷