গভীৰ সমুদ্ৰত জীৱাণুৰ মাজতে আছে পৃথিৱীক সুস্থ ৰখাৰ মাপকাঠী

0
60

জীৱাণু মানেই বোধহয় ভয়ংকৰ নহয় অথবা বেয়া নহয়৷ বহুত সময়ত বিষে বিষৰ লগ হৈ বা বিষেৰেহে বিষ নাশ কৰাৰ প্ৰক্ৰিয়াৰ ঘটনাও নোহোৱা নহয়৷ অৰ্থাৎ বিষেৰেহে বিষ নাশ কৰাৰ প্ৰবাদ আছে৷ কিছু ক্ষেত্ৰত জীৱাণুৱে জীৱাণুৰ নাশৰ কাৰণ হৈ উঠে৷ ফিনলেণ্ডৰ হেলসিংকি বিশ্ববিদ্যালয়ৰ এদল গৱেষকে তেনে এবিধ জীৱাণুৰ সন্ধান লাভ কৰিছে৷ আনহাতে ভয়ংকৰ তথা মানৱ শৰীৰৰ কাৰণে অপকাৰী বহুতো জীৱাণু অচিনা হৈয়ে আছে৷ এনেধৰণৰ হাজাৰ হাজাৰ অচিনা জীৱাণু আছে সমুদ্ৰৰ শীতল পানীত৷ আৰ্কটিক সাগৰৰ শীতল বৰফৰ ভাহি অহা পানীৰ গভীৰতাত পোৱা এনে জীৱাণুৰ মাজত জীৱনকাঠীৰ সন্ধান পাইছে বিজ্ঞানীয়ে৷ কি আছে এই জীৱাণুৰ মাজত৷ গৱেষকে লক্ষ্য কৰিছে যে এই জীৱাণুৰ মাজত প্ৰচুৰ পৰিমাণে ভাইৰাছ প্ৰতিৰোধী তথা বেক্টেৰিয়া বিৰোধী শক্তি আছে, যিবোৰ কাৰ্যতঃ মানৱ দেহৰ থকা অপকাৰী বেক্টেৰিয়া তথা ভাইৰাছক সংহাৰ বা নাশ কৰাত সহায় কৰিব আৰু এই প্ৰক্ৰিয়াই নতুন দিগন্তৰ সূচনা কৰিব৷ কি আছে এই জীৱাণুৰ মাজত৷ গৱেষকে জানিব পাৰিছে যে এইবোৰৰ মাজত প্ৰচুৰ পৰিমাণে ভাইৰাছ বিৰোধী তথা বেক্টেৰিয়া বিৰোধী শক্তি আছে৷ যিবোৰ কাৰ্যতঃ মানৱ দেহৰ বাস কৰা অনিষ্টকাৰী ভাইৰাছ বা বেক্টেৰিয়াৰ সংহাৰ ৰোধ কৰিবলৈ সক্ষম হ’ব আৰু এই প্ৰক্ৰিয়াই এক নতুন দিগন্তৰ সূচনা কৰিব বুলিও ভাবে বিজ্ঞানীয়ে৷ আনহাতে গৱেষকে এই জীৱাণুৰ ক্ষমতা সম্পৰ্কেও জানিব পাৰিছে৷ এতিয়াও এইবোৰৰ পৰা কোনোধৰণৰ ঔষধ তৈয়াৰ কৰিব পৰা নাই৷ আপাততঃ ইয়াৰ পৰা সকলো উপাদান বাহিৰ কৰাৰ কাম আৰম্ভ হৈছে৷ ইয়াৰ উপাদানবোৰ পৃথক কৰাৰ পাছতহে দেখা যাব এইবোৰ প্ৰকৃত ক্ষমতা কিমান৷ যিয়ে অনাগত দিনত মানুহৰ বাবে অনিষ্টকাৰী বিভিন্ন প্ৰকাৰৰ বেক্টেৰিয়া তথা ভাইৰাছৰ পৰা মুক্ত কৰিব পাৰিব৷ আনহাতে সমগ্ৰ বিশ্বতে দ্ৰুতভাৱে বৃদ্ধি পোৱা ৰোগৰ পৰা মুক্তিৰ পথ দেখুৱাবলৈ সক্ষম হ’ব পাৰে এই জীৱাণু, সেই আশাও ব্যক্ত কৰিছে গৱেষকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here