সাধাৰণতে খোৱাৰ সময়ত আমি সকলো নিজৰ পচন্দৰ খাদ্যবস্তুৱে খুব আনন্দমনে বা মন ভৰাই কৰি খাওঁ৷ খোৱাৰ সময়ত মনত দুখ বা শোক লৈ কেতিয়াও আমি খাদ্যবস্তু গ্ৰহণ নকৰে৷ খাই থকাৰ সময়ত আমি ভূ-ভাৰস্তৰ সকলো বেয়া কথা বা চিন্তা বাদ দি একান্তমনে খাদ্য গ্ৰহণত মনোনিৱেশ কৰোঁ৷ কোনেও অতি দুখ, মনৰ চিন্তাত খাদ্য নাখায়৷ খোৱাৰ সময়খিনিত অন্তত সকলো দুখ-কষ্ট পাহৰিহে খাদ্য গ্ৰহণ কৰে৷ কিন্তু এনেও পৃথিৱীত প্ৰাণী আছে, যিয়ে খাদ্য খোৱাৰ সময়ত কান্দি কান্দি খাদ্য খায়৷ এইবিধ প্ৰাণীয়ে খাদ্য খোৱাৰ সময়ত চকুলোতে বাট নেদেখা হয়৷ আচলতে খাদ্য খোৱাৰ সময়ত এই প্ৰাণীটোৱে কন্দাৰ ৰহস্য কি, সেয়া জানো আহক৷ খাদ্য খোৱাৰ সময়ত কন্দা প্ৰাণীবিধ হ’ল আমাৰ সকলোৰে চিনাকি ঘঁৰিয়াল৷ আপুনি যদি ঘঁৰিয়াল বা কুম্ভীৰে খাদ্য খোৱাৰ সময়ত দেখে, তেন্তে চকুলো বৈ থকা দেখা পাব৷ ২০০৬ চনত স্নায়ুবিদ মেলকম চেনাৰ তথা প্ৰাণীবিদ কেণ্টে এই বিষয়ে পৰীক্ষা চলাইছিল আচলতে ঘঁৰিয়ালে খোৱাৰ সময়ত সঁচাকৈয়ে কান্দে নে আন কিবা ইয়াৰ আন কিবা কথা আছে সেই বিষয় লৈ৷ এই পৰীক্ষাতে বিষয়টো পৰিষ্কাৰ হয়৷ তিনিটা আমেৰিকান এলিগেটৰ, দুটা কেমেন, দুটা ইয়াকাৰ কেমনক এলিগেটৰ পাৰ্কৰ শুকান মাটিৰ ওপৰত খাদ্য খাবলৈ দিয়া হৈছিল৷ দেখা গৈছিল খোৱাৰ সময়ত সকলোকেইটাৰ চকুৰে চকুলো বৈ আছিল৷ বিজ্ঞানী চেনাৰ আৰু ডি্লয়েটৰ মতে ঘঁৰিয়ালে যেতিয়া খাদ্য চোবাই খায়, তেতিয়া মুখৰ অংশ উঠা-নমা কৰাৰ কাৰণে সিহঁতৰ চাইনাছত বতাহ সোমাই যায়৷ ইয়াৰ ফলত ঘঁৰিয়ালৰ চকুৰ অশ্ৰুগ্ৰন্থি উত্তেজিত হৈ পৰে৷ ইয়াক কোৱা হয় ক্ৰোকোডাইল টিয়াৰ চিনড্ৰম৷ আৰু তেনে অৱস্থাত চকুৰে পানী বাহিৰ হয়, যাক আমি কন্দা বুলি ভাবোঁ৷