শাৰীৰিক ভাৰসাম্য বঢ়াবলৈ নিয়মিত কাকাসন কৰক

0
74

আজিকালি ব্যস্ততাময় জীৱনৰ মাজতে বহুতেই সময় উলিয়াই স্বাস্থ্য ৰক্ষাৰ বাবে কচৰৎ কৰে৷ তেনে লোকে স্বাস্থ্যৰ গুৰুত্ব বুজি যোগব্যায়াম বা শৰীৰচৰ্চা অব্যাহত ৰাখে আৰু এয়া কিন্তু সকলোৰে বাবে নিতান্তই কৰণীয়ও৷ এনে বহু লোক আথে যিয়ে পুৱা উঠিয়েই বিভিন্ন প্ৰকাৰৰ যোগাসন কৰে৷ এই যোগাসনৰ ফলসমূহ কিন্তু সুকীয়া সুকীয়া হয়৷ কেনোটো যদি পেটৰ স্বাস্থ্যৰ পক্ষে ভাল আনটো আকৌ মগজু বা পিঠিৰ সমস্যা সমাধান কৰিব পাৰে৷ তেনে এটা যোগাসন হ’ল কাকাসন, যি আসনে শাৰীৰিক ভাৰসাম্য বঢ়োৱাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ আনহাতে পেটৰ চৰ্বি কমোৱাতো এই আসন কাৰ্যকৰী৷ নিয়মিতভাৱে কাকাসন কৰিলে শৰীৰ নমনীয় হৈ থাকে৷ কাকাসনে একাগ্ৰতা শক্তিক উন্নত কৰাত সহায় কৰে৷ অলসতা দূৰ কৰিবলৈ তথা মানসিক তথা শাৰীিৰক ভাৰসাম্য বঢ়াবলৈ কাকাসন কৰিলে সুফল পোৱা যায়৷ কাকাসন হ’ল সৰ্বোত্তম বিকল্প, যি আসনে বাহু, কান্ধ তথা বাহুৰ পেশী প্ৰসাৰিত কৰে৷সেয়ে নিয়মিতভাৱে কাকাসন কৰি ইয়াৰ সুফল লাভ কৰোঁ আহক৷
কিদৰে কৰিব কাকাসন ঃ- এই আসন কৰিবলৈ অতি কঠিন অৰ্থাৎ কাকাসন একধৰণৰ জটিল যোগাসন৷ এই আসন কৰিবলৈ হ’লে মানুহজন আন বহুতো আসন কৰাৰ অভিজ্ঞ হ’ব লাগিব৷ কিয়নো এই আসনত শৰীৰ সমস্ত ভাৰ হাত দুখনে নিয়ন্ত্ৰণ কৰে৷ সাধাৰণ আসন কৰাৰ দৰে এই আসন কৰিবলৈ প্ৰথমে আপুনি মাটিৰ ভালদৰে বহি লওক৷ ইয়াৰ পাছত হাতৰ তলুৱা মেলি দুখন মাটিৰ ৰাখক আৰু ভৰি দুখন সম্পূৰ্ণ কোঁচাই লৈ লাহে লাহে ভৰি দুখন ওপৰলৈ উঠাবলৈ যত্ন কৰক৷ এনে কৰাৰ সময়ত ভৰি দুখন হাত দুখনৰ পাছফালে লগাই বেলেঞ্চ ৰাখক৷ মনত ৰাখিব এনে ভংগীৰ সময়ত মূৰ আৰু কঁকাল যাতে একে দূৰত্বৰ থাকে৷ এই সময়ত আপোনাৰ সমস্ত শৰীৰৰ ভাৰ হাত দুখনে ৰাখিব৷ এইদৰে কিছু সময়ত ৰৈ পাছত পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহক৷ এইদৰে তিনিবাৰমান কৰিবলৈ চেষ্টা কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here