নতুন উদ্ভিদ আৱিষ্কাৰ : আলঝেইমাৰৰ চিকিৎসাৰ সম্ভাৱনাৰ দুৱাৰ মুকলি

0
116

চীনৰ এক বিশেষজ্ঞৰ দলে চীনৰ জিশুয়াংবান্ন ট্ৰপিকেল বটানিকেল গাৰ্ডেনত নতুন এক মছজাতীয় উদ্ভিদৰ সন্ধান লাভ কৰিছে৷ বিজ্ঞানীয়ে সদৰী কৰা মতে এই নতুনকৈ আৱিষ্কৃত উদ্ভিদবিধে আলঝেইমাৰ ৰোগৰ সম্ভাৱ্য চিকিৎসাত বিশেষ ভূমিকা পালন কৰিব পাৰে৷ চাইনীজ একাডেমী অব ছায়েন্সেছৰ গৱেষকৰ দলে জানিবলৈ দিয়া অনুসৰি এই উ্‌দ্ভিদবিধৰ বৈজ্ঞানিক নাম হৈছে হুপাৰজিয়া ক্ৰাছিফ’লিয়া৷ ই ফাৰমছ শ্ৰেণীত অন্তৰ্ভুক্ত৷ বিজ্ঞানীয়ে দাবী কৰিছে যে এই উদ্ভিদবিধৰ নিৰ্যাস আলঝেইমাৰ ৰোগ প্ৰতিৰোধ কৰাত কাৰ্যকৰী ভূমিকা পালন কৰিব. যি চিকিৎসা বিজ্ঞানৰ কাৰণে এক নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে৷ গৱেষকৰ দলৰ বিজ্ঞানী লিউ হংমেই উল্লেখ কৰিছে যে হুপাৰজিয়া গোষ্ঠীৰ অন্তৰ্ভুক্ত এই উদ্ভিদৰ প্ৰাকৃতিকভাৱে হুপাৰজাইন নামৰ এক বিশেষ উপাদান থাকে, যিয়ে মস্তিষ্কৰ স্নায়ৱিক কাৰ্যকলাপ উন্নত কৰাত সহায় কৰে৷ ইয়ে আলঝেইমাৰ ৰোগৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷ সাধাৰণতে ফাৰমছ শ্ৰেণীৰ উদ্ভিদবোৰ নাতিশীতোষ্ণ অঞ্চলত পোৱা যায়৷ এই উদ্ভিদবিধ দক্ষিণ পশ্চিম চীনৰ গুইঝো, হুবেই, হুনান তথা চংকিং আদি অঞ্চলত সীমিতভাৱে পোৱা গৈছে৷ সাধাৰণতে সমুদ্ৰপৃষ্ঠৰ পৰা ১১০০ ৰপৰা ১৯০০ মিটাৰ উচ্চতাৰ হিউমাছসমৃদ্ধ বনাঞ্চলত এই উদ্ভিদ জন্মে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here