১০ বছৰ পূৰ্ণৰ পাছত আপোনাৰ সন্তানক এইবোৰ শিকোৱা জৰুৰী

0
148

প্ৰত্যেকজন অভিভাৱকৰে সন্তানক এজন প্ৰকৃত মানুহ কৰাৰ ইচ্ছা থাকে আৰু এই ইচ্ছাৰ বাস্তৱায়িত কৰিবলৈ সন্তানৰ সৰুকালৰ পৰাই বিভিন্ন শিক্ষাৰে সুশিক্ষিত কৰিবলৈ অভিভাবকসকলে যৎপৰোনাস্তি চেষ্টা চলায়৷ দহজনৰ ভিতৰত এজন নহ’লেও নি্‌জ যেন এজন ভাল মানুহ হয় সেইটো সকলো অভিভাৱকে বিচাৰে৷ কিছু কিছু ক্ষেত্ৰত বৰ্তমান ডিজিটেল যুগত শিশুসকলক মানুহ কৰিবলৈ হ’লে পুৰণি ৰীতি-নীতি তথা ধ্যান-ধাৰণা মানি চলিলেও নহয়৷ সন্তানক ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিলে বাহিৰৰ জগতখনৰ বিষয়ে জ্ঞান লাভ তথা মিলিবলৈ পাছত অসুবিধাৰ সৃষ্টি হয়৷ সেয়ে নিজৰ নজৰত ৰাখি সন্তানৰ নিজৰ কাম-কাজ নিজে কৰিবলৈ শিকোৱা বা বজাৰ-সমাৰৰ জ্ঞান অৰ্জনৰ বাবে মাজে-মধ্যে বজাৰ কৰিবলৈ দিয়াৰ দৰে কামবোৰ কৰিবলৈ দিব লাগে৷ সন্তানৰ দহ বছৰ পূৰ্ণ হোৱাৰ পাছতেই অভিভাৱকে ভাল মানুহ হোৱাৰ মন্ত্ৰ শিকোৱা জৰুৰী৷ দহ বছৰ পাৰ হোৱাৰ পাছত সন্তানক তলত উল্লেখ কৰা এইবোৰ কথালৈ মন দিবলৈ শিকাওক৷
অকল মাক-দেউতাককে নহয়, পৰিয়ালৰ আন সদস্যকো সন্মান কৰাবলৈ শিকাওক৷ সন্তানৰ সৰুকালতে ঘৰৰ পৰা এই অভ্যাস গঢ় ল’লে ভৱিষ্যতে বাহিৰলৈ গ’লে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয়৷ কিয়নো আনক সন্মান কৰিব জানিলেহে নিজেও সন্মানীত হ’ব৷
সৰুকালৰে পৰা ঘৰৰ সৰু সৰু কামবোৰ কৰাবলৈ শিকাওক৷ ঘৰৰ আনসকলৰ দৰে সন্তানৰ ক্ষেত্ৰতো কিছু নহয় কিছু দায়িত্ব আছে আৰু সেইবোৰ সিহঁতক নিজে কৰিবলৈ দিয়ক৷ এই কামবোৰৰ ভিতৰত বাগিচাৰ পানী দিয়া, নিজৰ প্ৰয়োজনীয় বস্তুবোৰ পৰিপাটীকৈ ঠিক কৰি ৰখা, ঘৰত কোনো ৰুগীয়া থাকিলে সাধ্যমতে যত্ন লোৱা আদি৷
অংকৰ বহীত যোগ-বিয়োগ নহয়, জীৱনৰ ঘটা সৰু-সুৰা সমস্যাসমূহৰ সমাধান উলিয়াবলৈ নিজকে চেষ্টা কৰিবলৈ দিয়া৷ অৱশ্যে এই ক্ষেত্ৰত অভিভাৱকে নিজেই সঠিক নজৰত ৰাখিব লাগে৷
সন্তানক সৰুৰে পৰা টকা-পইচাৰ মূল্য বুজিবলৈ সুযোগ দিয়া৷ কিমান কষ্ট কৰি টকা উপাৰ্জন কৰা হয়, অযথা টকা-পইচা খৰচ নকৰা তথা আৱশ্যক অনুযায়ীহে টকা খৰচ কৰা আদি কথাবোৰ ভালদৰে বুজাই দিয়া অতি আৱশ্যক৷
সৰুকালৰে পৰা নিজ সন্তানক পঢ়া-শুনাৰ সমান্তৰালভাৱে খেলা-ধূলা অথবা নিয়মিতভাৱে শৰীৰচৰ্চা কৰাৰ অভ্যাস গঢ় দিয়া জৰুৰী৷ নিজৰ শৰীৰৰ যত্ন লোৱাটো কিন্তু সিহঁতৰ দায়িত্বৰ মাজতে পৰে৷ সমান্তৰালভাৱে নিজৰ পৰিচ্ছন্নতা বজাই ৰখাটোৰো অভ্যাস কৰাৰ লাগে৷
সামান্য কিছুতেই বিপুল উৎসাহ বা অকণমান আঘাততে সাংঘাতিক কোৰ্হাল— কোনোটোৱে ভাল নহয়৷ নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ডাঙৰ হ’লে বিভিন্ন ধৰণৰ মানসিক সমস্যাৰ সন্মুখীন হ’ব পাৰে আপোনাৰ সন্তান৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here