ফ্ৰীজত অতিৰিক্ত বৰফ জমা হ’লে পৰিষ্কাৰ কৰাৰ উপায়

0
6

গৰমৰ দিনকেইটাত ফ্ৰীজটো অনৱৰতে চলি থকাৰ বাবে অতিৰিক্ত বৰফ জমা হৈছে৷ যাৰ বাবে ফ্ৰীজটো খুব বেছি ঠাণ্ডা হোৱা নাই৷ এই ফ্ৰীজত জমা হোৱা অতিৰিক্ত বৰফ কিদৰে পৰিষ্কাৰ কৰিব৷ সঠিক পদ্ধতিৰে এই বৰফ পৰিষ্কাৰ নকৰিলে ফ্ৰীজটো নষ্ট হোৱাৰ সম্ভাৱনা থাকে৷ ফ্ৰীজটো নষ্ট নোহোৱাকৈ ইয়াত জমা হোৱা অতিৰিক্ত বৰফ চাফা কিদৰে কৰিব, সেয়ে জনাটো দৰকাৰ৷
বৰ্তমান বেছিভাগ ফ্ৰীজেই ফ্ৰষ্ট ফ্ৰি যদিও এই সমস্যাত ভোগা দেখা যায়৷ ডিপ ফ্ৰীজত এনেকৈ বৰফ জমা হয় যে ফ্ৰীজ খুলিলেই হিমশীতল বৰফ বাহিৰ ওলায়৷ ডিপ ফ্ৰীজত অলপ বৰফ জমা হ’লে কাঠ বা এইধৰণৰ শক্তিশালী চামুচৰ সহায়ত বৰফ গুচাব পাৰে৷ ধাতৱ যিকোনো বস্তুৰে খঁচি দিয়া উচিত নহয়৷ কিয়নো সেই অংশত ফ্ৰীজৰ গেছলাইন ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থাকে৷ ফ্ৰীজৰ ওচৰত এটা বাল্টি বা পাত্ৰ ৰখা ভাল, যাতে সংগ্ৰহ কৰা বৰফবোৰ তাত ৰাখিব পাৰে৷ এইদৰে ফ্ৰীজত জমা বৰফ পৰিষ্কাৰ কৰিব পাৰে৷ ফ্ৰীজৰ থাৰ্মোষ্টাটৰ দিশত নজৰ ৰখা উচিত৷ নিয়ম মতে থাৰ্মোষ্টাট শূন্য ডিগ্ৰীত ৰখা ভাল৷ কিন্তু ইয়াৰ বেছি কমি গ’লে অতিৰিক্তভাৱে বৰফ জমা হয়৷ অত্যধিক গৰম খাদ্য ফ্ৰীজত ৰাখিলে সেইটো ঠাণ্ডা কৰিবলৈ ফ্ৰীজটোৱে বেছি কাম কৰিবলগীয়া হয়৷ আৰু তেতিয়াই বেছিকৈ বৰফ জমা হয়৷ সেয়ে ৰন্ধা হোৱাৰ পাছত খাদ্য বাহিৰতে ঠাণ্ডা কৰি তাৰ পাছতহে ফ্ৰীজত ৰখা ভাল৷ তেতিয়াহ’লে খাদ্যও নষ্ট নহয় আৰু ফ্ৰীজটোও ভালে থাকে৷ ফ্ৰীজ বন্ধ কৰি পৰিষ্কাৰ কৰা সকলোতকৈ নিৰাপদ৷ ফ্ৰীজৰ ছুইচ বন্ধ কৰি দিহে ভিতৰৰ ট্ৰে বা চেলফবোৰ বাহিৰ কৰা উচিত৷ তেনে সময়ত ফ্ৰীজৰ দৰ্জা কিছু সময়ৰ বাবে খোলা ৰাখক৷ তেনে কৰিলে বাহিৰৰ স্বাভাৱিক তাপমাত্ৰা পালেই ফ্ৰীজৰ জমা হোৱা বৰফ গলিবলৈ আৰম্ভ কৰিব৷ দেৱাল বা বেৰৰ পৰা কমপক্ষেও এফুট দূৰত্বত ফ্ৰীজটো ৰখাৰ ব্যৱস্থা কৰক৷ ফ্ৰীজৰ পাছত কয়েল ঠাণ্ডা হ’বলে দিব লাগে৷ নহ’লে ফ্ৰীজত বেছি পৰিমাণে বৰফ জমা হয়৷ কেতিয়াও হিটাৰ বা মাইক্ৰ’ওভেনৰ ওচৰত ফ্ৰীজ নাৰাখিব৷ কিয়নো খুব বেছি গৰম বস্তুৰ ওচৰত ফ্ৰীজ ৰাখিলে ঠাণ্ডা কৰোঁতে বেছিকৈ বৰফ জমা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here