পেটটো নমনীয় কৰি ৰাখিবলৈ ধনুৰাসন কৰক

0
2

সুস্থ শৰীৰে দেহ-মন সজীৱ তথা নিৰোগী কৰি ৰাখে৷ সেয়ে সুস্থ শৰীৰ পাবলৈ আমি নিয়মিতভাৱে যোগ, প্ৰাণায়াম তথা শৰীৰচৰ্চা কৰা অতি প্ৰয়োজনীয়৷ কৰ্মহীন জীৱন তথা শুই বহি খোৱাৰ ফলত অথবা যিসকলে শাৰীৰিক কষ্ট নকৰাকৈ কেৱল দিনৰ দিনটো অফিচত চকী বহিয়েই কাম সম্পাদন কৰে৷ তেনে ক্ষেত্ৰত সহজে শৰীৰত চৰ্বি বা মেদ জমা হ’বলৈ ধৰে, বিশেষকৈ পেটত খুব কম সময়ৰ ভিতৰতে চৰ্বি জমা হৈ লোদোকা হৈ পৰে৷ দেখাত গহীন-গম্ভীৰ দেখালেও এনে লোকক যিকোনো ৰোগে সহজে আক্ৰমণ কৰিবলৈ সুবিধা পায়৷ পেটত চৰ্বি জমা হোৱাৰ লগে লগে প্ৰেছাৰ, ডায়েবেটিছকে ধৰি মানুহজনে নিজ ইচ্ছা মতে উঠিব-বহিব নোৱৰা হৈ পৰে৷ অলপ খোজকাঢ়িলেই ভাগৰি পৰা আনকি উশাহ-নিশাহ লওঁতেও অসুবিধা পাবলৈ আৰম্ভ কৰে৷ গতিকে আপোনাৰ এনে অৱস্থালৈ গতি নকৰোঁতেই কিছু শৰীৰচৰ্চা তথা যোগব্যায়াম কৰাৰ অভ্যাস কৰক, যিবোৰে আপোনাক এই সমস্যাৰ পৰা সকাহ দিব৷ বিশেষকৈ পেটটো নমনীয় তথা পেটত চৰ্বি জমা হোৱা বাধা দিবলৈ নিয়মিতভাৱে ধনুৰাসন কৰাৰ অভ্যাস কৰক৷ ধনুৰাসনে আপোনাৰ পেটৰ চৰ্বি কমোৱাৰ লগতে শৰীৰৰ আন বিভিন্ন সমস্যা যেনে– শৰীৰক প্ৰসাৰিত কৰা, শৰীৰৰ ওজন হ্ৰাস কৰা, হজম শক্তি উন্নত কৰা, তেজৰ চলাচল উন্নত কৰা তথা পেট তথা পিঠিক নমনীয় কৰাত সহায় কৰিব পাৰে৷
কিদৰে কৰিব ধনুৰাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে মানুহজন চিট হৈ শুই লওক৷ তাৰ পাছত দুই ভৰি তথা দুয়োখন হাত পোন কৰি ওপৰমুৱাকৈ দাঙি ধৰক৷ এতিয়া হাত দুখনেৰে ভৰিৰ আঙুলিত ধৰি লাহে লাহে মানুহজন উঠাৰ দৰে কৰক৷ এনে অৱস্থাত আপোনাৰ দেখাত ধনু এখনৰ দৰে দেখা যাব৷ মূৰটো ওপৰমুৱাকৈ তুলি ধৰক৷ এইদৰে আপুনি যিমান সময় পাৰে ধৰি থাকক৷ পাছত পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহক৷ এইদৰে তিনিবাৰমান কৰাৰ চেষ্টা কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here