খাদ্য খোৱাৰ লগে লগে পানী কিয় খাব নালাগে জানেনে ?

0
2

যদি আপোনাৰ খাদ্য খোৱাৰ পাছত পানী সেৱন কৰাৰ অভ্যাস আছে, তেন্তে এই কু-অভ্যাস আজিয়েই ত্যাগ কৰক৷ কিয়নো খাদ্য গ্ৰহণ কৰাৰ লগে লগে পানী সেৱন কৰিলে ই বিষৰ দৰে ক্ষতিকাৰক হৈ পৰে৷ খাদ্য গ্ৰহণৰ লগে লগে পানী সেৱন কৰাৰ ফলত হ’ব পৰা পাশ্বক্ৰিয়া য়া কি জানো আহক৷
যেতিয়াই আমি খাদ্য গ্ৰহণ কৰোঁ, আমাৰ পাচনতন্ত্ৰই আহাৰখিনি হজম কৰি শক্তিলৈ ৰূপান্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰে৷ কিন্তু আমি খোৱাৰ লগে লগে পানী সেৱন কৰিলে, খাদ্য হজম কৰাৰ প্ৰক্ৰিয়াত ব্যাপকভাৱে প্ৰভাৱ পৰে৷ ফলত খাদ্য হজম কৰিবলৈও বহু সময় লাগে৷ লগতে ইয়াৰ ফলত কোষ্ঠকাঠিন্য আৰু বদহজমৰ সম্ভাৱনা বৃদ্ধি পায়৷
আমি খাদ্য গ্ৰহণ কৰোঁ যাতে আমাৰ শৰীৰে পুষ্টি পায় আৰু শৰীৰ সদায়ে স্বাস্থ্যৱান হৈ থাকে৷ খাদ্য খৰখেদাকৈ খোৱাৰ লগতে একেলগে পানী খোৱাৰ ফলত পাকস্থলীতন্ত্ৰলৈ যায়৷ যাৰ ফলত শৰীৰে খাদ্যত থকা পুষ্টিকৰ উপাদান নাপায়৷ ইয়াৰ ফলত শৰীৰৰ ওজনো বৃদ্ধি পায়৷
খাদ্য গ্ৰহণৰ লগে লগে পানী খোৱাৰ ফলত পেটত খোৱা খাদ্যখিনি হজম হোৱা প্ৰক্ৰিয়া নষ্ট হ’ব পাৰে৷ যাৰ ফলত তীব্ৰ গেছৰ সমস্যা সৃষ্টি হ’ব পাৰে৷ যদি আপুনি ভজা বা মছলাযুক্ত খাদ্য অলপ বেছি ভাল পায় আৰু এইবোৰ খাদ্য গ্ৰহণৰ লগে লগে পানী সেৱন কৰে, তেন্তে এচিডিটিৰ সমস্যাৰ সৃষ্টি হোৱাটো স্বাভাৱিক৷
খাদ্য গ্ৰহণ কৰাৰ অলপ সময় পাছত পানী সেৱন কৰিলে একো ক্ষতি নহয়৷ কিন্তু খাদ্য গ্ৰহণৰ লগে লগে পানী সেৱন কৰিলে শৰীৰত ৰক্ত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পাব পাৰে৷ যাৰ ফলত পাছলৈ মধুমেহ বা ডায়েবেটিছ ৰোগত ভোগাৰ আশংকা বেছি থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here