শিশুটিৰ হাঁপানিৰ সমস্যাৰ নিৰাময়ৰ বাবে এইবোৰ ব্যৱস্থা

0
1

বৰ্তমান শিশুসকলৰ মাজত এলাৰ্জি সংক্ৰান্তীয় সমস্যাসমূহ অধিক দেখা গৈছে৷ হাঁপানিও তেনে এক সমস্যা৷ বংশগত কাৰণ অথবা পৰিৱেশ প্ৰদূষণ লগতে অন্যান্য কাৰণতো শিশুৰ এজমা হোৱা পৰিলক্ষিত হয়৷ যিহেতু এষাৰ কথা আছে– বাঁহ কোমলতে ভাঁজ লগাব পাৰি৷ সেয়েহে সৰু থাকোঁতেই কিছু সাৱধানতা অৱলম্বন কৰিলে নি(য় আপোনাৰ সন্তানটি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰে৷
আপোনাৰ সন্তানটিৰ হাঁপানি ৰোগ প্ৰতিৰোধ কৰিবৰ কাৰণে জন্মৰ পাছতে কেঁচুৱাটিৰ মুখৰ পৰা ওলোৱা বীজলুৱা বস্তুখিনি পৰিষ্কাৰ কৰি পেলাব লাগে৷
শিশুটিক জীৱ-জন্তুৰ পৰা আঁতৰত ৰাখিব লাগে৷ ঘৰৰ ভিতৰত বা থকা ঘৰৰ নিচেই কাষতে পশু-পক্ষী, জীৱ-জন্তু বন্ধাটো উচিত নহয়৷
শিশুটিৰ এজমাৰ সমস্যা থাকিলে বাহি বস্তু খোৱাটো অনুচিত৷
শোৱা কোঠা সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে, যাতে ধূলি-মাকতি হ’ব নোৱাৰে৷
আহাৰ গ্ৰহণ কৰাৰ পাছত এচামুচ মৌৰ লগত আদা আৰু জালুকৰ ৰস মিহলি কৰি শিশুটিক খুৱাব লাগে৷
পৰ্যাপ্ত পৰিমাণে জুলীয়া বস্তু খুৱাব লাগে, ই শ্বাস-প্ৰশ্বাসত সহায় কৰে৷ অৱশ্যে ঠাণ্ডা পানীৰ সেৱনে হিতে বিপৰীত কৰিব পাৰে৷
একেদৰে ধূলি-মাকতি, চিগাৰেটৰ ধোঁৱা আৰু অন্যান্য কল-কাৰখানাৰ ধোঁৱাৰ পৰা সদায় শিশুটিক আঁতৰত ৰখাৰ সুব্যৱস্থা কৰিব লাগে৷
এনেধৰণৰ সাৱধানতা অৱলম্বন কৰি আপোনাৰ শিশুটিক হাঁপানিৰ পৰা হাত সৰাত সহায় কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here