সমস্ত শৰীৰক পুনৰুজ্জীৱিত কৰিবলৈ সৰ্বাংগসন কৰক

0
2

আজিকালি প্ৰায়ভাগ লোকেই পুৱা বিছনাৰ পৰা উঠিয়েই যোগাসন তথা শৰীৰচৰ্চাৰ অভ্যাস কৰে৷ শৰীৰচৰ্চাৰ তথা ব্যায়াম অবিহনে যেন তেওঁলোকৰ দিনটোৰ কাম-কাজ অসম্পূৰ্ণ হয়৷ আনহাতে যোগাব্যায়াম তথা শৰীৰচৰ্চা কৰি বহুতো লোকে নানা ৰোগ-ব্যাধিৰ পৰাও নিৰাময় লাভ কৰে৷ শৰীৰটোক নিৰোগী কৰি ৰাখিবলৈ পুৱাই তথা আবেলিৰ সময়খিনিত যোগব্যায়াম কৰাৰ অভ্যাস গঢ় দিয়াটো অতি আৱশ্যক৷ আনহাতে শৰীৰৰ বিভিন্ন অংগভেদে সুস্থতাৰ বাবে আসনৰ ধৰণবোৰো বেলেগ বেলেগ৷ সেইমতে আসন কৰিলেহে সুফল লাভ কৰিব পাৰি৷ শৰীৰচৰ্চাৰ অন্যতম আসনসমূহ ভিতৰত সৰ্বাংগসন অন্যতম৷ সৰ্বাংগসনৰ অৰ্থ হ’ল সমস্ত অংশ৷ এই যোগাসনবিধে সমগ্ৰ শৰীৰৰ লগতে জড়িত তথা সমস্ত শৰীৰক পুনৰুজ্জীৱিত কৰাত সহায় কৰে৷ সৰ্বাংগসনে শৰীৰৰ সকলো অংগৰে উন্নতি সাধন কৰে তথা সুস্থ-সবল কৰি ৰখাত সহায় কৰে৷ থাইৰয়েড গ্ৰন্থিৰ সৈতে জড়িত তথা বিপাক ক্ৰিয়া, প্ৰ’টিন সংশ্লেষণ আৰু তেজৰ সঞ্চালনক উদ্দীপিত কৰাত যথেষ্ট সহায় কৰে এই আসনে৷ এই যোগাসনে পেশী শক্তিশালী কৰাৰ লগতে কিডনী আৰু হাড়ৰ ৰোগৰ সম্ভাৱনা কমাই ৰাখে৷ ইয়াৰ উপৰি বিষণ্ণতা, উদ্বেগ, মানসিক চাপ আদি কমাই ৰখাত এই সৰ্বাংগসনে বিশেষ ভূমিকা গ্ৰহণ কৰে৷
কিদৰে কৰিব সৰ্বাংগসন ঃ- এই আসন কৰিবলৈ প্ৰথমে আপুনি মাটিত ওপৰমুৱাকৈ সম্পূৰ্ণ শুই লওক৷ তাৰ পাছত ভৰি দুখন লাহে লাহে ওপৰলৈ দাঙি ধৰক৷ এটা সময়ত আপোনাৰ ভৰি দুখন সম্পূৰ্ণ ওপৰলৈ নি শৰীৰৰ সমস্ত ভৰ কান্ধ দুখন আৰু মূৰৰ ওপৰত ৰাখক৷ এই সময়ত হাত দুখনেৰে শৰীৰৰ ভাৰসাম্য ৰখাৰ কাৰণে কঁকালত খামুচি হেঁচি ধৰক৷ এনে অৱস্থাত আপোনাৰ বৰি দুখন সম্পূৰ্ণ পোন হৈ ওপৰলৈ দাঙি ধৰাৰ চেষ্টা কৰক৷ এইদৰে কিছু সময় থকাৰ পাছত লাহে লাহে পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here