শৰীৰৰ চাহিদা পূৰণৰ বাবে এ আই ৰবট

0
6

আৰ্টিফিচিয়েল ইণ্টেলিজেন্স চমুকৈ এ আই চালিত নিউজ প্ৰেজেণ্টক লৈ দক্ষিণ এছিয়াৰ দেশবোৰত বেছ কিছুদিন ধৰি তোলপাৰ লাগি আছে৷ ইয়াৰ মাজতে এআইক লৈ এক নতুন তথ্য জানিব পৰা গৈছে৷ প্ৰাক্তন গুগ্‌ল এক্সিকিউটিভে কৈছে যে তেজ-মাংসৰ মানুহৰ দৰে মানুহৰ সকলো চাহিদা পূৰণ কৰিবলৈ সক্ষম হ’ব এ আয়ে৷ এতিয়া প্ৰশ্ন উঠিছে এইবুলি যে সঁচাকৈয়ে এ আয়ে কি মানুহৰ প্ৰতিস্থাপন কৰিব? কিছু কিছু ক্ষেত্ৰত এইটোৱে সত্য প্ৰমাণিত হ’বলৈ গৈ আছে৷ গুগ্‌লৰ প্ৰাক্তন এক্সিকিউটিভ মো গওদতে জনাইছে যে এ আয়ে অনাগত দিনত মানুহৰ সংগী হ’ব পাৰে৷ তেওঁ বিশ্বাস কৰে যে অনাগত দিনবোৰত বেডৰূমত দেখা যাব পাৰে এ আই ৰবট৷ ইণ্ডো-এছিয়ান নিউজ ছাৰ্ভিচৰ প্ৰতিবেদন অনুসৰি মো গওদতে কোৱা মতে এ আই ৰবটবোৰ ক্ৰমাগতভাৱে বাস্তৱসন্মত হৈ উঠিব, যি মানুহৰ পক্ষে তেওঁলোকক প্ৰকৃত পাৰ্টনাৰৰ লেখীয়া নিলগাই ৰখা কঠিন হ’ব৷ প্ৰতিবেদনখন মতে টম বিলিউয়ৰ সৈতে ইমপেক্ট থিয়’ৰি পডকাষ্টত মো গওদতে এই সকলো বিষয় সদৰী কৰিছে৷ তেওঁ লগতে জানিবলৈ দিয়ে যে বিভিন্ন সময়ত আমাৰ মন এনে কিছুমান দ্বাৰা প্ৰতাৰিত হয়, যি বাস্তৱ নহয়৷ যদি এ আয়ে মানুহৰ দৰে অনুভৱ কৰিবলৈ সক্ষম হয় বা কাম কৰে, তেন্তে আমাৰ অভিজ্ঞতা বাস্তৱ হয়নে, সেয়া জনা কঠিন হ’ব৷ তেওঁ লগতে মানৱ মস্তিষ্কৰ সৈতে পৰোক্ষ প্ৰযুক্তি সংযোগৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here