হজম শক্তি উন্নত কৰিবলৈ নৌকাসন কৰক

0
2

আজিকালি প্ৰায়ভাগ লোকেই পুৱা বিছনাৰ পৰা উঠিয়েই যোগাসন তথা শৰীৰচৰ্চাৰ অভ্যাস কৰে৷ শৰীৰচৰ্চাৰ তথা ব্যায়াম অবিহনে যেন তেওঁলোকৰ দিনটোৰ কাম-কাজ অসম্পূৰ্ণ হয়৷ আনহাতে যোগাব্যায়াম তথা শৰীৰচৰ্চা কৰি বহুতো লোকে নানা ৰোগ-ব্যাধিৰ পৰাও নিৰাময় লাভ কৰে৷ শৰীৰটোক নিৰোগী কৰি ৰাখিবলৈ পুৱাই তথা আবেলিৰ সময়খিনিত যোগব্যায়াম কৰাৰ অভ্যাস গঢ় দিয়াটো অতি আৱশ্যক৷ আনহাতে শৰীৰৰ বিভিন্ন অংগভেদে সুস্থতাৰ বাবে আসনৰ ধৰণবোৰো বেলেগ বেলেগ৷ সেইমতে আসন কৰিলেহে সুফল লাভ কৰিব পাৰি৷ শৰীৰচৰ্চাৰ অন্যতম আসনসমূহ ভিতৰত নৌকাসন অন্যতম৷ এই যোগাসনবিধে ঘাইকৈ হজম শক্তি উন্নত কৰাত সহায় কৰে৷ আপোনাৰ যদি হজমৰ সমস্যা আছে, তথা কোষ্ঠকাঠিন্য, বদহজম আদিৰ দৰে সমস্যাই দীৰ্ঘদিনে অসুবিধা দি আহিছে, তেন্তে নৌকাসন কৰি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰে৷ এই যোগাসনে পেটৰ পেশী প্ৰসাৰিত কৰে তথা পেটৰ চৰ্বি কমোৱাতো সহায় কৰে৷ নৌকাসন পেটৰ পেশীৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰে৷
কিদৰে কৰিব নৌকাসন ঃ- এই আসন কৰিবলৈ অতি সহজ৷ প্ৰথমে আপুনি মাটিত পোন হৈ বহি লওক৷ তাৰ পাছত হাত দুখন পোন কৰি আগলৈ মেলি ধৰি সমান্তৰালভাৱে ভৰি দুখনে ওপৰলৈ দাঙি দি লাহে লাহে হাতেৰে ভৰিৰ আঙুলি স্পৰ্শ কৰিবলৈ চেষ্টা কৰক৷ মনত ৰাখিব এনে অৱস্থাত আপোনাৰ শৰীৰটো দেখিবলৈ যাতে নৌকা এখনৰ দৰে হয় আৰু শৰীৰটো যাতে ৩০ ডিগ্ৰী অৱস্থানত থাকে৷ কিছু সময়ত এইদৰে থকাৰ পাছত পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহক৷ এই আসন কৰিলে পেটত সাংঘাতিক টান পৰে, যাৰ ফলত পেটৰ চৰ্বি কমাৰ লগতে খাদ্য হজম প্ৰক্ৰিয়া ভাল হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here