হাতত পৰা বয়সৰ চাপ কিদৰে নোহোৱা কৰিব ?

0
17

মুখৰ সৌন্দৰ্যৰ লগতে আপোনাৰ হাতৰ সৌন্দৰ্যও ধৰি ৰখাৰ খুবেই প্ৰয়োজন৷ সঠিক পৰিচৰ্যাৰ অভাৱত, ৰ’দ-বতাহ, ধূলি-বালি, কাপোৰ ধোৱা, বাচন ধোৱা আদি কাম কৰি থকাৰ ফলত আমাৰ হাত দুখনৰ সৌন্দৰ্য সোনকালে ম্লান পৰে লগতে বয়সৰ চাপো পৰা দেখা যায়৷ যিহেতু আমি বেছিভাগ কাম হাত দুখনেৰেই কৰোঁ, সেয়েহে ইয়াৰ সঠিক যতন লোৱাটো আপোনাৰ দায়িত্ব৷ সেয়েহে জানো আহক দাত দুখনক সুন্দৰ কৰি ৰাখিবলৈ আপুনি কি কৰিব?
বয়সৰ চাপ নপৰিবলৈ শৰীৰটোক তথা ছালখনক হাইড্ৰেট কৰি ৰখা খুবেই প্ৰয়োজন৷ কিয়নো শুকান ছালত সহজে বয়সৰ চাপ পৰে৷ সেয়েহে হাত ধোৱাৰ পাছত সদায় মইশ্বৰাইজাৰেৰে হাত দুখন মালিচ কৰা উচিত৷
হাত ধোওঁতে অধিক খাৰযুক্ত চাবোন ব্যৱহাৰ কৰিলে হাতৰ মসৃণতা নাইকিয়া হয়৷
ৰ’দত বাহিৰলৈ ওলাই যোৱাৰ আগতে মুখত যেনেদৰে ছানস্ক্ৰীন লগায়, ঠিক তেনেকৈ হাততো ছানস্ক্ৰীন লগাইহে বাহিৰলৈ ওলাব৷ কিয়নো সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ ফলত মুখতকৈ আগতে হাত দুখনতহে টেন পৰে৷
সপ্তাহত এদিন হাত দুখনক স্ক্ৰাব কৰিলে ই মৃত কোষসমূহ পৰিষ্কাৰ কৰি হাত দুখনক বয়সৰ চাপ পৰাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে৷ ইয়াৰ বাবে আপুনি চেনি, অলিভ অইল আৰু নেমুৰ ৰসেৰে তৈয়াৰী স্ক্ৰাব ব্যৱহাৰ কৰিব পাৰে৷
শুকান হাতৰ মসৃণতা ঘূৰাই আনিবলৈ এলোভেৰা জেল কাৰ্যকৰী৷ ইয়াৰ বাবে এলোভেৰা পাতৰ পৰা ওলোৱা সতেজ জেলখিনি মৌৰ লগত মিশ্ৰণ কৰি হাতত মাচাজ কৰিব লাগে৷ দহ-পোন্ধৰ মিনিটমান তেনেকৈ ৰাখি ধুই দিলে সুফল পোৱা যায়৷
নাইবা যিকোনো প্লেণ্ট অইল যেনে নাৰিকল তেল, অলিভ অইল বা যিকোনো ভিটামিন-ই যুক্ত তেলেৰে দৈনিক হাত দুখন মালিচ কৰিলে অকাল বাৰ্ধক্য চাপৰ পৰা হাত দুখনক ৰক্ষা কৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here