অধিক দামী আখৰোট-আলমণ্ডৰ পৰিৱৰ্তে সহজলভ্য এইবিধ খাওক

0
22

বহুতেই পুৱাই ৰাতি তিয়াই থোৱা আলমণ্ড, আখৰোট আদি খোৱাৰ অভ্যাস কৰে৷ এইবোৰ খাদ্য পুৱা এইদৰে খালে স্বাস্থ্য ৰক্ষা তথা স্বাস্থ্য উপযোগী হিচাপে গণ্য কৰা হয়৷ সুস্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী এই দুবিধ ড্ৰাই ফ্ৰুইটছ৷ কিন্তু দীৰ্ঘদিন ধৰি এইদৰে আখৰোট তথা আলমণ্ড খোৱা সকলোৰে বাবে সম্ভৱ নহয়৷ কিয়নো এইবোৰ ড্ৰাই ফ্ৰুইটছৰ দাম অত্যধিক হোৱাৰ বাবে সকলোৰে কাৰণে নিয়মিতভাৱে কিনি খোৱা মুখৰ কথা নহয়৷ সেয়ে এইবোৰ অত্যধিক দামৰ ফলতকৈ ইয়াৰ বিকল্প হিচাপে কম দাম তথা সহজে পোৱা চিনাবাদাম খাব পাৰে৷ চিনাবাদামৰ পুষ্টিগুণ জানিলে আপুনি হয়তো অবাক হৈ পৰিব৷ বিশেষকৈ চিনাবাদাম হাৰ্টৰ স্বাস্থ্যৰ কাৰণে ভীষণ উপকাৰী৷ চিনাবাদাম খোৱাৰ ফলত বেয়া কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণ থাকে বাবে হৃদৰোগ প্ৰতিৰোধত সহায় কৰে৷ জনা মতে তেজ জমা হোৱাত বাধা দিয়ে চিনাবাদামে৷ চিনাবাদামে ষ্ট্ৰ’কৰ সম্ভাৱনা কমাই ৰাখে৷ গৱেষণাৰ পৰা জানিব পৰা মতে খাদ্য তালিকাত পৰিমিতভাৱে চিনাবাদাম ৰাখিলে শৰীৰৰ ওজন বৃদ্ধি নহয়৷ বিশেষজ্ঞৰ মতে চিনাবাদাম খোৱাৰ ফলত মহিলাসকলৰ মাজত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা কমি থাকে৷ চিনাবাদাম ফাইবাৰৰ এটা ভাল উৎস৷ সেয়ে হজম শক্তি উন্নত কৰা, কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে৷ মনত ৰাখিব চিনাবাদাম কেঁচা বা গুৰি কৰি বনায়ো খাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here