পুৰুষসকলে বেছিকৈ তেঁতেলী খালে কি হয় ?

0
32

তেঁতেলী এবিধ অতি সুস্বাদু তথা স্বাস্থ্য উপকাৰী ফল৷ তেঁতেলীৰ সোৱাদ সকলোৰে লৈছে ৷ বহুতৰে তেঁতেলীৰ নাম শুনিলেই আপোনা আপুনি জিভাৰ পানী সৰকি আহে৷ বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত তেঁতেলীৰ জনপ্ৰিয়তা অধিক৷ মহিলাসকলক তেঁতেলী খাবলৈ পালে আৰু আন একো নালাগে৷ বহুতেই আকৌ ফুচকা খায় একমাত্ৰ ইয়াৰ সৈতে দিয়া তেতেলীৰ পানীখিনিৰ বাবে৷ মুঠতে তেঁতেলী এবিধ অতি লুভীয়া বতৰৰ ফল৷ মহিলাসকলে খাবলৈ পচন্দ কৰা এই তেঁতেলী স্বাস্থ্যৰ বাবেও উপকাৰী৷ তেঁতেলী খালে বিভিন্ন শাৰীৰিক উপকাৰ পোৱা যায়৷ আনহাতে তেঁতেলী পুৰুষসকলৰ বাবেও খুব উপকাৰী ফল৷ বিশেষকৈ পুৰুষসকলে বন্ধ্যাত্বৰ চিকাৰ হ’লে অথবা পুৰুষৰ শুক্ৰাণুৰ সংখ্যা হ্ৰাস পালে তেঁতেলী খালে সুফল পোৱা যায়৷ জানিব পৰা মতে পুৰুষসকলে প্ৰতিদিনে এটা তেঁতেলী খোৱা উচিত৷ ইয়াৰ ফলত শুক্ৰাণুৰ গুণমান উন্নত হয়৷ আনহাতে পুৰুষৰ লিভাৰত জমা হোৱা ফেটৰ পৰা মুক্তি পাবলৈ নিয়মিতভাৱে তেঁতেলী খাব পাৰে৷ ইয়াৰ ফলত ফেটি লিভাৰৰ পৰা সকাহ পাব পাৰে৷ ইয়াৰ লগতে তেঁতেলীয়ে লিবিডো হৰমন বঢ়াতো মুখ্য ভূমিকা গ্ৰহণ কৰে৷ এই হৰমন বঢ়াবলৈ তেঁতেলী খোৱা ভাল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here