৩ হাজাৰ বছৰ আগৰ মানুহৰ হাতৰ আঙুলিৰ চাপৰ সন্ধান

0
91

এক অনন্য আৱিষ্কাৰ বুলি ধাৰণা কৰা হৈছে এই আৱিষ্কাৰক৷ লৌহ যুগৰ সময়ৰ মানুহৰ হাতৰ স্পষ্ট চাপ পোৱা গৈছে দিঘিৰ পানীৰ তলত৷ এই হ্ৰদৰ পানীৰ তলত প্ৰত্নতাত্ত্বিক খোজ মিলিল৷ এইবাৰ পানীৰ তলত এনে বস্তুৰ সন্ধান পালে, যি দেখি গৱেষকসকলে চমকি উঠিছে৷ পানীৰ তলত দি মূৰ্তি উদ্ধাৰ হৈছে, সেই মূৰ্তিৰ গাত এখন হাতৰ চিহ্ন পোৱা গৈছে৷ এইখন স্পষ্টকৈ মানুহৰ হাতৰেই চিহ্ন৷ গৱেষকে এই হাতৰ চাপৰ বয়সৰ কথা জানিও আচৰিত হৈ পৰিছে৷ জনা মতে তিনি হাজাৰ বছৰ আগতে এই মূৰ্তি তৈয়াৰ হৈছিল৷ তেতিয়া লৌহ যুগ চলি আছিল৷ সেই সময়ত প্ৰস্তুত হোৱা মূৰ্তিৰ গাত পৰা মানুহৰ চাপৰ বয়সো তিনি হাজাৰ বছৰ পুৰণি বুলি স্পষ্ট প্ৰমাণিত হৈছে৷ মাটিৰে তৈয়াৰী এই মূৰ্তিটো যীশুখ্ৰীষ্টৰ জন্মৰ এহেজাৰ বছৰ আগতে প্ৰস্তুত হোৱা বুলি গৱেষকে ধাৰণা কৰিছে৷ আচৰিত যে সেই সময়ৰ পৰা এই মূৰ্তিটো পানীৰ তলত থকাৰ পাছতো একো অলপো নষ্ট নোহোৱাকৈ আছে৷ ইটালিৰ আওলাও গ্ৰা কাৰো দি বোলসেনা নামৰ এখন ঠাইত প্ৰত্নতাত্ত্বিক নিদৰ্শন আগতে পোৱা গৈছিল৷ ইয়াত আছে লেক বোলসেনা৷ এইটো এটা আগ্নেয় হ্ৰদ৷ সেই ঠাইৰ পানীৰ বহু গভীৰত এই মূৰ্তিটো পোৱা গৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here