অত্যধিক গ্ৰীন টী সেৱনেও মাতিব পাৰে বিপদ

0
127

ওজন হ্ৰাস তথা ছালৰ উজ্জ্বলতা বৃদ্ধিত গ্ৰীন টী কিমান উপকাৰী আমি সকলোৱে জানো৷ কিন্তু এদিনত তিনি কাপতকৈ অধিক গ্ৰীন টী সেৱন কৰিলে ই আপোনাৰ শৰীৰৰ হিতে বিপৰীত কৰিব পাৰে৷
যিহেতু গ্ৰীন টীত কেফেইন থাকে, সেয়েহে অত্যধিক গ্ৰীন টী সেৱন কৰিলে মূৰৰ বিষ, অনিদ্ৰা, বুকু জ্বলা-পোৰা কৰা, anxiety আদি সমস্যাই দেখা দিব পাৰে৷
গ্ৰীন টীত Tannin নামৰ পলিফেনল থাকে, যিয়ে পেটৰ এচিডৰ পৰিমাণ বৃদ্ধি কৰে৷ ফলত পেটৰ বিষ, বমি, গেছ আনকি কোষ্ঠকাঠিন্যও হ’ব পাৰে৷
গ্ৰীন টীত Catechin থাকে, যিয়ে মেটাবলিজম বৃদ্ধি কৰি ওজন হ্ৰাস কৰাত সহায় কৰে৷ কিন্তু ইয়াক অত্যধিক সেৱন কৰিলে শৰীৰৰ আইৰন শোষণৰ পৰিমাণ হ্ৰাস পায়৷
আপুনি যদি কোনো বিশেষ ৰোগ যেনে– এজমা বা যিকোনো ৰোগৰ ঔষধ গ্ৰহণ কৰি আছে, তেন্তে গ্ৰীন টী নাখাব৷ কিয়নো এণ্টিবায়’টিকৰ লগত গ্ৰীন টীৰ সংমিশ্ৰণে আপোনাৰ লিভাৰ নষ্ট কৰিব পাৰে৷
অত্যধিক গ্ৰীন টী খোৱাৰ পাছত সঘনাই প্ৰস্ৰাৱ হয়৷ যাৰ ফলত ডিহাইড্ৰেশ্যন হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here