মনটো ইতিবাচক কৰি ৰাখিবলৈ মানসিক ডিটক্স যোগাসন কৰক

0
47

আপোনাৰ শৰীৰ তথা মনক ভিতৰৰ পৰা ডিটক্স কৰাৰ কাৰণে বিভিন্ন প্ৰকাৰৰ যোগব্যায়াম আছে৷ এইবোৰ আসন তথা যোগব্যায়াম কৰি আপুনি মনটোক ইতিবাচক তথা শান্ত কৰি ৰাখিব পাৰে৷ এইবাবে মানসিক ডিটক্স ধাৰণাটো আজিকালি প্ৰৱণতা লাভ কৰিছে৷ মানসিক ডিটক্সিফিকেশ্যন মানে আমাৰ মনক সেইসকলো নেতিবাচক চিন্তা বা সমস্যাৰ পৰা দূৰত ৰখা, যিবোৰে আমাৰ মানসিক শান্তি বিনষ্ট কৰে৷ আহক তেনেহ’লে অকল মানসিক স্বাস্থ্যৰ কাৰণেই নহয়, জীৱনটো ইতিবাচকভাৱে ৰখাৰ কাৰণেও এই আসন অতি গুৰুত্বপূৰ্ণ৷ সেয়ে জানো আহক কি কি আসনে মানসিক স্বাস্থ্য সুস্থ তথা ফিট কৰি ৰাখে৷
শবাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে মানুহজন সম্পূৰ্ণ দীঘল হৈ ওপৰমুৱাকৈ শুই লওক৷ তাৰ পাছত ভৰি দুখনৰ যিকোনো এখন লাহে লাহে কোঁচাই আনি বুকুত লগোৱাৰ চেষ্টা কৰক৷ ইটাৰ পাছত বিপৰীত ভৰিখনৰেও অনুৰূপ ধৰণে কৰক৷ তাৰ পাছত অলপ সময় জিৰণি লৈ পুনৰ আৰম্ভ কৰক৷ এইদৰে পাঁচবাৰ মান কৰিবলৈ চেষ্টা কৰক৷
সুখাসন ঃ- এই আসন কৰিবলৈ একেবাৰে সহজ৷ সহজ আৰু আৰামদায়ক ভংগিমাত কৰা হয় বাবে এই আসনৰ নাম সুখাসন৷ মুকলি ঠাইত মাটিত আৰাম কৰাৰ দৰে বহি লওক৷ ভৰি দুখন এখন ওপৰত আনখন উঠাই বহাৰ ভংগীত ৰাখি মেৰুদণ্ড একেবাৰে পোন কৰি লওক৷ হাত দুখন আঁঠুৰ ওপৰত ৰাখি মুদ্ৰা বন্ধনত ৰাখক৷ এতিয়া চকু দুটা মুদি দীঘলকৈ উশাহ লওক আৰু উশাহ এৰক৷ এইদৰে ১০-১৫ মিনিটমান কৰক৷ এই আসন নিয়মিত কৰিলে মানসিক চাপ, ক্লান্তি দূৰ হোৱাৰ লগতে মন প্ৰফুল্লিত হৈ থাকিব৷
বালাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে মাটিত ভৰিত ভৰ দি বহি লওক৷ ইয়াৰ পাছত মূৰটো আগুৱাই লৈ লাহে লাহে আগলৈ হাউলি যাওক৷ মূৰটো মাটিত লগাই দি হাত দুখন পিছফালে পোন কৰি ধৰক৷ অথবা হাত দুখন আগলৈ পোন কৰি আগবঢ়াই দি মূৰটো মাটিত লগাই থাকক৷ কিছু সময়ত এইদৰে থকাৰ পাছত পুনৰ বহাৰ ভংগীলৈ উভতি আহক৷ এই আসন নিয়মীয়াভাৱে কৰিলে মন শান্ত থাকে, হজম শক্তি উন্নত হয়, পিঠি, কঁকালৰ বিষ নোহোৱা হয়, মনৰ অৱসাদ তথা উদ্বেগ কমি থাকে৷
বিপ্ৰিয়াসন ঃ- এই যোগাসনে আপোনাৰ মানসিক স্বাস্থ্যৰ কাৰণে খুব উপকাৰী৷ এই আসনে মস্তিষ্কৰ তেজ চলাচলত উন্নতি ঘটায়৷ যাৰ বাবে আপোনাৰ মস্তিষ্কই ভালদৰে বা সক্ৰিয়ভাৱে কাম কৰিবলৈ সক্ষম হয়৷ এই আসন নিয়মিতভাৱে কৰিলে মানসিক চাপৰ পৰা মুক্ত কৰি ৰাখে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here