শৰীৰ সতেজ থাকিবলৈ পুৱাই কৰক এই আসন

0
40

শৰীৰ আৰু মন সুস্থ তথা সতেজ কৰি ৰাখিবলৈ যোগাসনৰ কোনো বিকল্প নাই৷ যোগাসনে মন আৰু শৰীৰৰ স্বাস্থ্য উন্নত কৰে৷ যোগাসনে অকল মাত্ৰ আমাৰ শৰীৰ সুস্থ ৰখাই নহয়, আমাৰ সৌন্দৰ্যও বৰ্তাই ৰাখে৷ গোটেই দিনটো ফ্ৰেচ থাকিবলৈ পুৱাই এই যোগাসন কৰিলে যথেষ্ট সুফল পোৱা যায়৷
সূৰ্য নমস্কাৰ ঃ- সূৰ্য নমস্কাৰ প্ৰাচীন কালৰ পৰা আমাৰ দেশত এবিধ পৰিচিত যোগ৷ এই আসনৰ যোগেদি আমাৰ উদীয়মান সূৰ্য প্ৰতি ভক্তি নিৱেদন কৰোঁ৷ সূৰ্য হ’ল পৃথিৱীৰ প্ৰাণৰ উৎস৷ সেয়ে সূৰ্য নমস্কাৰ কৰি সেই অনন্ত শক্তিক কৃতজ্ঞতা জনোৱা হয়৷ ইয়াৰ বাবে আপুনি পুৱাই সূৰ্য উদয় হোৱাৰ সময়তে মুকলি ঠাইত থিয় হৈ লওক৷ হাত দুখনেৰে প্ৰণাম কৰাৰ ভংগীত ৰাখি লাহে লাহে মূৰৰ ওপৰলৈ দাঙি ধৰক৷ সেই সময়ত এখন ভৰি দাঙি আনখন ভৰিৰ উৰুৰ লগাই দিয়ক৷ ঠিক একেদৰে আনটো ভংগীত তাৰ বিপৰীত ভৰিখন দাঙি লৈ ওলোটাহে কৰক৷ চকু মুদি মুখেৰে ঔম ধবনি উচ্চৰণ কৰক৷ এইদৰে পাচ মিনিটমান এই আসন কৰক৷ এই আসন কৰিলে শৰীৰৰ তেজ চলাচল বৃদ্ধি হয়৷ পেট তথা কঁকালত চৰ্বি জমা নহয়, মহিলাসকলৰ মাহেকীয়া নিয়মীয়া হয়, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷
বালাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে মাটিত ভৰিত ভৰ দি বহি লওক৷ ইয়াৰ পাছত মূৰটো আগুৱাই লৈ লাহে লাহে আগলৈ হাউলি যাওক৷ মূৰটো মাটিত লগাই দি হাত দুখন পিছফালে পোন কৰি ধৰক৷ অথবা হাত দুখন আগলৈ পোন কৰি আগবঢ়াই দি মূৰটো মাটিত লগাও থাকক৷ কিছু সময়ত এইদৰে থকাৰ পাছত পুনৰ বহাৰ ভংগীলৈ উভতি আহক৷ এই আসন নিয়মীয়াভাৱে কৰিলে মন শান্ত থাকে, হজম শক্তি উন্নত হয়, পিঠি, কঁকালৰ বিষ নোহোৱা হয়, মনৰ অৱসাদ তথা উদ্বেগ কমি থাকে৷
ত্ৰিকোণাসন ঃ- এই আসন শৰীৰৰ প্ৰতিটো অংগৰ বাবে প্ৰয়োজনীয়৷ এই আসন কৰিবলৈ প্ৰথমে মানুহজন থিয় হৈ লওক৷ এই অৱস্থাত দুই ভৰিৰ মাজত যথেষ্ট ব্যৱধান ৰাখক৷ এতিয়া আপুনি যিকোনো এখন হাত দাঙি ওপৰৰ পালে নিয়ক আৰু আনখন হাতেৰে ভৰিৰ গোৰোহা স্পৰ্শ কৰক৷ ঠিক বিপৰীতে এইবাৰ আনখন হাতেৰেও এইদৰে কৰক৷ এইদৰে পাঁচ-ছয়বাৰ কৰাৰ অভ্যাস কৰক৷ এই আসন পেটৰ চৰ্বি কমাবলৈ অত্যন্ত উপকাৰী৷ ইয়াৰ লগতে হজম শক্তি উন্নত হ’বলৈ, মেনোপজৰ সমস্যাৰ পৰা মুুক্তি পাবলৈ তথা মেৰুদণ্ড৷ হিপ, বুকু আৰু কান্ধৰ মাছল শক্তিশালী কৰিবলৈ এই আসন যথেষ্ট কাৰ্যকৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here