সাৱধান : ভাৰতৰ চেনি নিমখত মাইক্ৰ’প্লাষ্টিক

0
37

শেহতীয়াভাৱে প্ৰকাশিত এক ভয়ংকৰ তথ্যই সকলোকে সচকিত কৰি তুলিছে৷ ভাৰতত উৎপাদিত চেনি আৰু নিমখত মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি ধৰা পৰিছে৷ পৰীক্ষা কৰি দেখা গৈছে যে চেনি আৰু নিমখৰ প্ৰতিটো পেকেটত প্লাষ্টিক কণাৰ উপস্থিতি পোৱা গৈছে৷ ক্ষুদ্ৰাতিক্ষুদ্ৰ প্লাষ্টিকৰ বিভিন্ন অৱস্থাত ইয়াত পোৱা গৈছে৷ চেনি আৰু নিমখত ধৰা পৰা প্লাষ্টিক কণাৰ আকাৰ o.১ এম এমৰ পৰা ৫ এম এম পৰ্যন্ত৷ ভাৰতবৰ্ষৰ সকলো নামী ব্ৰেণ্ডৰ নিমখ আৰু চেনিৰ পেকেটত বিভিন্ন অৱস্থানত থকা এই প্লাষ্টিক কণাৰ অস্তিত্বৰ কথা পোহৰলৈ আহিছে এক সমীক্ষাৰ জৰিয়তে৷ পৰিৱেশ গৱেষণা সংক্ৰান্ত সংগঠন টক্সিক লিংক-এ পাঁচ ধৰণৰ চেনি আৰু দহ ধৰণৰ নিমখৰ ওপৰত সমীক্ষা চলাইছিল৷ স্থানীয় বজাৰ অথবা অনলাইনৰ জৰিয়তে এই নমুনাবোৰ সংগ্ৰহ কৰা হৈছিল৷ এই নমুনাবোৰ পৰীক্ষা কৰি দেখা গৈছিল যে চেনি আৰু নিমখৰ প্ৰতি পেকেটতে প্লাষ্টিক কণাৰ উপস্থিতি ধৰা পৰে৷ পৰীক্ষাটোৰ পৰা জনা মতে আয়ডিনযুক্ত নিমখত প্লাষ্টিক কণাৰ উপস্থিতি সকলোতকৈ বেছি৷ সমীক্ষাটোৰ পৰা পোৱা তথ্য মতে নিমখৰ প্ৰতিকিলোগ্ৰামৰ পেকেটবোৰত ৬.৭১ ৰপৰা ৮৯.১৫ প্লাষ্টিকৰ কণা উপস্থিতি ধৰা পৰা লগতে আয়ডিনযুক্ত নিমখৰ প্ৰতিকিলোগ্ৰামৰ পেকেটত ৮৯.১৫ টা প্লাষ্টিকৰ কণা পোৱা গৈছে৷আনহাতে চেনিৰ প্ৰতিকিলোগ্ৰামত ১১.৮৫ টাৰ পৰা ৬৮.২৫ টা প্লাষ্টিক কণা পোৱা গৈছে৷ এই বিষয়ে গৱেষকে মত ব্যক্ত কৰে যে নিমখ আৰু চেনিৰ পেকেটত যি পৰিমাণৰ প্লাষ্টিক কণাৰ ধৰা পৰিছে সেইটো ভৱিষ্যতলৈ অত্যন্ত চিন্তনীয় বিষয় হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here