স্লিপ পেৰালাইছিছৰ পৰা মুক্তিৰ উপায়

0
37

বহুতৰ ক্ষেত্ৰতে স্লিপ পেৰালাইছিছ অভিজ্ঞতা আছে৷ শোৱাৰ সময়ত সকলো শুনি থাকিলেও কোনো ধৰণৰ লৰচৰ কৰিবলৈ সম্ভৱ নহয়৷ টোপনি মাৰোতে এনে সময়ত আপুনি সকলো শুনিছে, গম পাই আছে, কিন্তু আপুনি একো এটাকে কৰিব পৰা নাই, শৰীৰ জঠৰ হৈ গৈছে, লৰচৰ কৰাৰ ক্ষমতা নাই, টোপনি মৰাৰ সময়ত এনে অৱস্থা হয়তো সকলোৰে ক্ষেত্ৰত এবাৰ হ’লেও হৈছে৷ ইয়াকে স্লিপ পেৰালাইছিছ বুলি কোৱা হয়৷ এইটো এটা খুব সাধাৰণ ঘটনা যেন লাগিলেও কিন্তু আচলতে এনে নহয়৷ এইটো ঘটনা সাধাৰণতে টোপনি খতি হ’লে বা টোপনি মৰাৰ সময় নিৰ্দিষ্টকৈ নাথাকিলে হোৱা দেখা যায়৷ ইয়াৰ উপৰি অত্যধিক চিন্তা, দুখ-শোক, অৱসাদ আদিৰ কাৰণে হ’ব পাৰে৷ জানো আহক এই স্লিপ পেৰালাইছিছৰ পৰা মুক্তিৰ উপায়ৰ বিষয়ে৷
জীৱন-যাপনৰ সঠিক ৰুটিন মানি চলিলে আপোনাৰ গোটেই দিনটোৰ সকলো কামেই সুকলমে সম্পন্ন হয়৷ সঠিক জীৱন-যাপনে কমাব পাৰে স্লিপ পেৰালাইছিছৰ সমস্যাও৷ আপুনি দিনটোত কিমান সময় কাম কৰিব অথবা কিমান সময়ত জিৰণি ল’ব তাৰ ওখন দৈনন্দিন ৰুটিন প্ৰস্তুত কৰক৷ নিশা অন্ততঃ সাত ঘণ্টা টোপনি মৰাৰ চেষ্টা কৰক৷
এই সমস্যাৰ পৰা সকাহ পাবলৈ কেৱল আঠ ঘণ্টা শুলেই নহয়৷ অৰ্থাৎ আজি ৰাতি যদি ১০ বজাত শুইছে, পিছদিনাও সেই একেটা সময়তে শুবলৈ চেষ্টা কৰক৷ এইদৰে নিয়মিতভাৱে এটা নিৰ্দিষ্ট সময়ত শোৱক আৰু এটা নিৰ্দিষ্ট সময়ত টোপনিৰ পৰা উঠাৰ অভ্যাস কৰক৷
আমাৰ বহুতৰে টোপনি মৰাৰ আগে আগে মোবাইল পিটিকি থকাৰ এটা কুঅভ্যাস আছে৷ এই অভ্যাসে কিন্তু বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে, আনকি স্লিপ পেৰালাইছিছৰো৷ সেয়ে শুবলৈ বিছনালৈ যোৱাৰ আগতেই মোবাইলটো সম্পূৰ্ণ বৰ্জন কৰক৷ শোৱাৰ সময়ত কেতিয়াও মোবাইল ফোনটো লগত নাৰাখি টেবুল বা ড্ৰয়াৰত থৈ দিব৷ টোপনিৰ কাৰণে যোৱাৰ অন্ততঃ দুঘণ্টা আগতে মোবাইল এৰাই চলাৰ চেষ্টা কৰক৷
আমাৰ বহুতৰে আকৌ নিশাৰ সাঁজ গললৈ অহালৈকে খোৱাৰ অভ্যাস আছে৷ এই অভ্যাস এৰাই চলক৷ ৰাতিৰসাঁজ গধুৰ বা মছলাযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকক৷ সাধাৰণতে ৰাতিৰ সাঁজৰ মাংস জাতীয় গধুৰ খাদ্য এৰাই চলাই ভাল৷ আনহাতে বিছনালৈ যোৱাৰ আগতে চাহ, কফি কেতিয়াও নাখাব৷ ৰাতিৰ ভাতসাঁজ পেটভৰ্তি কৰি খোৱা উচিত নহয়৷ আনহাতে নিশা এপৰলৈ খাবলৈ নাথাকিব৷ ৰাতি দেৰিলৈ ভাত খালে শৰীৰৰ যথেষ্ট অপকাৰ হয়৷ কিয়নো পেটভৰ্তিকৈ খোৱাৰ ফ

LEAVE A REPLY

Please enter your comment!
Please enter your name here