মিক্সিৰ ব্লেড ভোটা হৈছে নেকি ? কিদৰে ধাৰ দিব ?

0
70

ৰান্ধনী ঘৰৰ এটা অন্যতম সৰঞ্জাম হ’ল মিক্সাৰ গ্ৰাইণ্ডাৰ৷ বিভিন্ন মছলাসহ বিভিন্ন খাদ্য সামগ্ৰী পেষ্ট কৰাৰ পৰা আৰম্ভ কৰি কল, আপেল, আম আদি ফলৰ জুচ তৈয়াৰ কৰিবলৈ মিক্সাৰ গ্ৰাইণ্ডাৰ ভূমিকা অপৰিসীম৷ এইবিধ বৈদ্যুতিক সামগ্ৰী পাকঘৰত নাথাকিলে যেন আধৰুৱা হৈ পৰে পাকঘৰটো৷ বিভিন্ন খাদ্যবস্তু পেষ্ট কৰাৰ পাছত এটা সময়ত ইয়াৰ ব্লেডৰ ধাৰ নাইকিয়া হৈ ভোটা হৈ পৰে আৰু বস্তু পেষ্ট কৰাৰ ক্ষেত্ৰত অসুবিধা হয়৷ মছলা ভালদৰে গুড়ি কৰাত অসুবিধা হয়৷ সেয়ে কেইটামান ঘৰুৱা উপায় অৱলম্বন কৰি মিক্সিৰ ব্লেডৰ ধাৰ পুনৰ ঘূৰাই আনিব পাৰি৷ জানো আহক মিক্সিৰ ব্লেড ধাৰ দিয়াৰ ঘৰুৱা উপায়৷
মিক্সিৰ ব্লেডৰ ধাৰ পুনৰ ঘূৰাই আনিবলৈ প্ৰথমে আধা কাপ চাউল মিক্সিত লৈ তাৰ পাছত তাত অলপ পানী মিহলাই দিয়ক আৰু মিক্সি চলাই দিব৷ চাউল থকা উচ্চ মাত্ৰাৰ এমাইলোজে ব্লেডৰ ধাৰ ঘূৰাই আনে৷
মিক্সিত পাত্ৰত অলপ নিমখ লৈ তাৰ পাছত মিক্সিটো চলাই দিব৷ পোন্ধৰ মিনিটমান এইদৰে চলাই কাৰেণ্ট অফ কৰি দিলে দেখিব মিক্সিৰ ব্লেড চকচকীয়া হৈ ধাৰাল হৈ পৰিছে৷
প্ৰথমে মিক্সিত কণীৰ বাকলি কিছু লৈ তাৰ পাছত তাত অলপমান পানী মিহলাই লওক৷ তাৰ পাছত দহ মিনিটমান মিক্সিটোত বিদ্যুৎ চালিত কৰি দিয়ক৷ মিক্সিৰ বৈদ্যুতিক সংযোগ বন্ধ কৰি দেখিব মিক্সিৰ ব্লেডবোৰ চকচকীয়া হৈ পৰিছে আৰু যথেষ্ট ধাৰ হৈ পৰিছে৷
মিক্সিৰ ব্লেডৰ ধাৰ কমি যোৱাৰ প্ৰধান কাৰণ হ’ল মছলা গুড়ি কৰাৰ ফলত৷ সেয়ে প্ৰতিদিনে মিক্সিত মছলা গুড়ি কৰাৰ পাছতেই মিক্সিৰ ভিতৰৰ অংশ ভালদৰে পৰিষ্কাৰ কৰা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here