বদহজমৰ সমস্যা নিৰাময়ৰ সহজ উপায়

0
60

বদহজমৰ সমস্যাৰ এটা প্ৰধান লক্ষণ হৈছে পেট ফুলা৷ প্ৰায়ভাগ মানুহৰে বদহজম হ’লে প্ৰথমে পেট ফুলি যোৱা দেখা যায়৷ এনেকুৱা অৱস্থাত পেটটো টান হৈ উখহি অহা যেন অনুভৱ হয় আৰু পেটটো দেখিবলৈ ডাঙৰ হয়৷ অধিক খাদ্য গ্ৰহণ কৰিলেও পেট ফুলিব পাৰে৷ ইয়াৰ উপৰি অপুষ্টিকৰ খাদ্য, শাৰীৰিক পৰিশ্ৰম নকৰা, খৰধৰকৈ খাদ্য গ্ৰহণ কৰাৰ ফলতো পেট ফুলিব পাৰে৷ আমাৰ দৈনন্দিন জীৱনৰ কিছু অভ্যাসৰ ফলতো কিছুমান মানুহে পেট ফুলা সমস্যাত ভোগে৷ গতিকে কিছুমান ঘৰুৱা বিধান পালন কৰি আপুনিও পেট ফুলা সমস্যাৰ পৰা ৰেহাই পাব পাৰে৷
খাদ্যবস্তু ভালকৈ চোবাই খাব লাগে৷ এনে কৰিলে খাদ্যবস্তু ভালকৈ হজম হোৱাত সহায়ক হয়৷ দাইল ৰন্ধাৰ আগতে ভিজাই থওক৷ ই ৰন্ধাৰ সময় বচোৱাৰ লগতে হজম হোৱাটো সহায় কৰে৷
ফাইবাৰজাতীয় খাদ্য গ্ৰহণে হজম শক্তি বৃদ্ধি কৰাৰ লগতে কোষ্ঠকাঠিন্যকো বাধা প্ৰদান কৰে৷ হজম ভালকৈ হ’লে পেট ফুলাৰ কোনো সমস্যাই নাথাকিব৷
প্ৰ’-বায়’টিক জাতীয় খাদ্য গ্ৰহণে ভাল বেক্টেৰিয়াৰ যোগান ধৰে আৰু আপোনাৰ শৰীৰটোক সুস্থ ৰখাত বিশেষ ভূমিকা গ্ৰহণ কৰে৷ দৈ হৈছে প্ৰ’-বায়’টিকৰ প্ৰধান উৎস৷ গতিকে দৈনিক খাদ্য তালিকাত দৈক অন্তৰ্ভুক্ত কৰক৷
লঘু আহাৰ গ্ৰহণ কৰক৷ ই আপোনাৰ পাচন প্ৰক্ৰিয়াক অলপ বিৰতি দিব আৰু পেট ফুলা সমস্যাক দূৰত ৰাখিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here