টেনশ্যনমুক্ত হৈ ভাল টোপনি আহিবলৈ এই সান্ধ্য যোগব্যায়াম

0
61

আজিকালি ব্যস্ততাপূৰ্ণ জীৱনশৈলীৰ কাৰণে ব্যায়াম আৰু যোগব্যায়াম কৰাৰ বাবে মানুহৰ হাতত সময়ৰ অভাৱ৷ বিশেষকৈ পুৱা শোৱা উঠাৰে পৰা অফিচ-কাছাৰী, স্কুল-কলেজ আদিলৈ সময়মতে যোৱাৰ চিন্তাতহে ব্যস্ত থাকিব লাগে৷ পুৱা-নিশা বুলি কোনো নিৰ্দিষ্টকৈ জিৰণি লোৱাৰ সময় নাই৷ অফিচত থকাৰ সময়তো আনকি বহুতেই কামৰ মাজতে থিয়ৈ থিয়ৈ লাঞ্চ কৰিব লাগে৷ এনে পৰিস্থিতিত আপুনি অফিচ ছুটী কৰি ঘৰলৈ আহি অলপমান সময় জিৰণি লৈ আধা ঘণ্টাৰ বাবে হ’লেও যোগব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰে৷ এইদৰে যোগ সাধনা কৰা সহজ উপায়৷ ইয়াৰ বাবে খুব বেছি সময়ো ব্যয় কৰিবলগীয়া নহয়৷ আপুনি নিয়মিতভাৱে ৰুটিনত অন্তৰ্ভুক্ত কৰক এই সময়খিনিত মাত্ৰ আধা ঘণ্টাৰ সময়ৰ বাবে যোগব্যায়াম কৰাৰ৷ এইদৰে যোগব্যায়াম কৰাৰ ফলত আপুনি দিনটোৰ বিভিন্ন কাৰণত হোৱা মানসিক চাপৰ পৰা উপশম পোৱাৰ লগতে নিশা টেনশ্যনমুক্ত হৈ আৰামত টোপনি আহিব৷ ইয়াৰ উপৰি হজম শক্তি উন্নত হোৱাতো এই যোগব্যায়ামে সহায় কৰে৷
আবেলি সময়ত ৫-৭ বজাৰ ভিতৰত বিপৰিতা কৰণী আসন কৰাৰ অভ্যাসত পৰিণত কৰক৷ বিপৰিতা কৰণীক লেগ আপ দ্য ৱাল পজ নামেও জনা যায়৷ এইটো একেবাৰে সহজ তথা নৰম ব্যায়াম৷ এই বিপৰিতা কৰণী যোগব্যায়ামে স্নায়ুতন্ত্ৰক শান্ত কৰাৰ লগতে মনক শান্ত কৰা তথা শিথিলতা প্ৰচাৰ কৰাত সহায় কৰে৷ এই যোগ কৰিবলৈ হ’লে প্ৰথমে এটা শান্ত পৰিৱেশ বাছি লওক৷ ঘৰৰ বাৰাণ্ডা, আগচোতাল অথবা বতাহ চলাচল কৰা কোঠাৰ ভিতৰতো কৰিব পাৰে৷ প্ৰথমে মানুহজন ওপৰমুৱাকৈ মাটিত শুই লওক৷ তাৰ পাছত ভৰি দুখন ওপৰমুৱা কৰি লাহে লাহে কঁকালৰ ওপৰৰ অংশ দাঙি দিবলৈ চেষ্টা কৰক৷ এনে অৱস্থাত হাত দুখন পিছফালে মাটিত ৰাখি অথবা হাতেৰে কঁকালত ধৰিও ভৰি দুখন ওপৰলৈ উঠাব পাৰে৷ যদি কোঠাৰ ভিতৰত এই আসন কৰে, তেনেহ’লে মানুহজন ৱালত লগাকৈ মাটিত শুই লৈ তাৰ পাছত কঁকালৰ তলৰ অংশ বা ভৰি দুখন ওপৰলৈ উঠাই দিব৷ মন কৰিব যে ভৰি দুখনেৰে ৱালত ভৰ দি ওপৰলৈ শৰীৰটো দাঙি ধৰক৷ এই সময়ত মূৰটোৱে শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰি থাকিব৷ এইদৰে কিছু সময়ত থাকি পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহক৷ এইদৰে তিনিবাৰ কৰাৰ চেষ্টা কৰক৷ এই আসন নিয়মিতভাৱে কৰিলে মানসিক চাপ, ষ্ট্ৰেচ নোহোৱা হৈ আপুনি টেনশ্যনমুক্ত হৈ ৰাতি গভীৰ টোপনিত লালকাল হৈ পৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here