ওজন বৃদ্ধি কৰিবলৈ খাওক এইবিধ পানীয়

0
57

যিদৰে একাংশ লোকে ওজন হ্ৰাস নোপোৱাৰ সমস্যাত ভোগে, ঠিক একেদৰে আন একাংশ লোক আছে, যিয়ে হাজাৰ চেষ্টা কৰাৰ পাছতো ওজন বৃদ্ধি নোহোৱা সমস্যাত ভোগে৷ ইয়াৰ বাবে বহু সময়ত তেওঁলোকে অইন মানুহৰ সন্মুখত হঁাহিয়াতৰ পাত্ৰ হ’বলগা হয়৷ যাৰ বাবে তেওঁলোকে হীনমন্যতাত নোভোগাও নহয়৷ কেতিয়াবা শৰীৰত পুষ্টিৰ অভাৱ হ’লেও মানুহ খীণাই-শুকাই যায়৷ গতিকে আপুনিও যদি ওজন বৃদ্ধি কৰিব বিচাৰিছে, তেন্তে খাওক এইবিধ পানীয়৷ যাৰ নাম হৈছে বানানা স্মুডি৷
ইয়াৰ বাবে আপোনাক লাগিব কল, বাদাম, গাখীৰ, দৈ আৰু ডালচেনি পাউডাৰ৷ এই গোটেইকেইবিধ সামগ্ৰী একেলগে মিক্সিত ব্লেণ্ড কৰি লৈ খালে শৰীৰৰ ওজন বৃদ্ধি হোৱাত যথেষ্ট অৰিহণা যোগায়৷ কলত কাৰ্বহাইড্ৰেট আৰু কেলৰি পোৱা যায়, যিয়ে প্ৰাকৃতিকভাৱে ওজন বৃদ্ধি কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here