হাড় মজবুত তথা শক্তিশালী কৰিবলৈ এইবোৰ খাওক

0
34

এটা বয়সত আমাৰ সকলোৰে গাঁঠিৰ বিষ, হাড়ৰ বিষ আদিয়ে যিকোনো সময়তে দেখা দিয়া আৰম্ভ কৰে৷ অষ্টিঅ’পৰোছিছ এনে এটা সমস্যা, য’ত আমাৰ হাড়বোৰ কমজোৰ আৰু ঠুনুকা হয়৷ যাৰ ফলত হাড় ক্ষয় যোৱাৰ পৰিণাম ভোগ কৰিবলগীয়া হয়৷ সেয়েহে এনে সমস্যাত কি খাব লাগে, জানো আহক৷
গাখীৰ, দৈ, চিজ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰীত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায়, যিয়ে হাড় মজবুত কৰাত যথেষ্ট সহায় কৰে৷
ষ্ট্ৰবেৰিত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে ফ্ৰী ৰেডিকেলৰ সৈতে যুদ্ধ কৰি হাড় ক্ষয় যোৱাৰ পৰা ৰক্ষা কৰে৷ ইয়াৰ উপৰি ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম, মেংগানিজ, পটাচিয়াম, ভিটামিন-কে আৰু ভিটামিন-চি পোৱা যায়, যিয়ে নতুন হাড় গঠন হোৱাত সহায় কৰে৷
বাদামত থকা কেলচিয়াম, মেগনেচিয়াম আৰু খনিজ পদাৰ্থ হাড় মজবুত কৰাত যথেষ্ট উপকাৰী৷
হাড় মজবুত কৰাৰ বাবে ছাগলীৰ ঠেঙৰ চুপ এক উত্তম পথ্য৷
আনাৰস ভিটামিন-এ আৰু কেলচিয়ামৰ ভাল উৎস৷ যি মজবুত হাড়ৰ বাবে অতিকে ভাল উপাদান৷
সেয়েহে হাড় মজবুত কৰি ৰাখিবলৈ আপোনাৰ খাদ্যৰ তালিকাত এনেবোৰ খাদ্য অন্তৰ্ভুক্ত কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here