অনিয়মীয়া পিৰিয়ডৰ সমস্যা সমাধানৰ বাবে এই আসন

0
45

আজিকালি বহুতো মহিলাই অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যাত ভোগা দেখা যায়৷ ইয়াৰ আঁৰত বহুতো কথা থাকিব পাৰে৷ মানসিক চাপ, অসন্তুলন খাদ্যাভ্যাস, হৰমনৰ ভাৰসাম্যহীনতা, অস্বাস্থ্যকৰ জীৱনশৈলী আদি নানা কাৰকে এই অনিয়মীয়া পিৰিয়ডৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ মহিলাসকলৰ অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যা থাকিলে নিয়মিতভাৱে এই যোগাসন কৰিলে সুফল পাব পাৰে৷ অনিয়মীয়া পিৰিয়ডৰ সমস্যা হ’লে যদি এইকেইটা আসন নিয়মিতভাৱে কৰিবলৈ আৰম্ভ কৰে, তেন্তে ঋতুস্ৰাৱ নিয়মীয়া হ’বলৈ ধৰে৷
উষ্ট্ৰাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে আঁঠুত ভৰ দি বহি লোৱাৰ দৰে কৰক৷ ইয়াৰ পাছত হাত দুখন আৰু মেৰুদণ্ডডাল পিছফাললৈ নি ভৰিৰ গোৰোহা চুইলৈ যত্ন কৰক৷ এনে অৱস্থাত আপুনি আগফালটো সম্পূৰ্ণ পিছলৈ হাউলি যোৱাৰ দৰে হ’ব৷ এই ভংগীত কিছু সময় থাকি পাছত আগৰ অৱস্থালৈ ঘূৰি আহক৷ এইদৰে চাৰিবাৰমান কৰক৷ এই সময়ত নাভীত সম্পূৰ্ণ চাপ অনুভৱ কৰিব পৰা হ’ব লাগিব৷
মৎস্যসন ঃ- এই আসন কৰিবলৈ প্ৰথমে পদ্মাসন বহি লওক৷ ইয়াৰ পাছত আপুনি পিছফালে হাউলি গৈ মূৰটো মাটিত স্পৰ্শ কৰক৷ এই সময়ত আপোনাৰ হাত দুখন ভৰিৰ আঙুলিত ধৰি শৰীৰৰ ভৰ নিয়ন্ত্ৰণ কৰক৷ মনত ৰাখিব এনে অৱস্থাত আপোনাৰ পিঠি অংশ যাতে মাটিৰ পৰা ওপৰত থাকে, অৰ্থাৎ তপিনা আৰু মূৰৰ অংশ এটা ভাঁজ হৈ মাটিৰ ওপৰত ৰখাৰ চেষ্টা কৰক৷ কিছু সময়ত এনেদৰে ৰৈ পাছত আগৰ অৱস্থালৈ ঘূৰি আহক৷
ধনুৰাসন ঃ- এই আসন কৰাৰ সময়ত দেখিবলৈ এখন ধেনুৰ দৰে হয় বাবে এই আসনক ধনুৰাসন বোলে৷ এই আসন কৰিবলৈ প্ৰথমে আপুনি মাটিত তলমুৱাকৈ শুই লওক৷ তাৰ পাছত ভৰি আৰু হাত সমদূৰত্বত ওপৰলৈ দাঙি লৈ ভৰি দুখন হাত দুখনেনে ধৰি থাকক৷ মনত ৰাখিব এনে অৱস্থাত আপোনাৰ পিঠিখন ধনুৰ দৰে ভাঁজ লগা হ’ব লাগিব৷ এই অৱস্থাত কিছু সময় ৰৈ পাছত আগৰ অৱস্থালৈ ঘূৰি গৈ জিৰণি লওক৷
এইধৰণৰ আসন দৈনিক কৰিলে মহিলাসকলৰ ঋতুস্ৰাৱৰ সমস্যা সহজে সমাধান হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here