যোৱা পাঁচ বছৰত অসমত কেঞ্চাৰত প্ৰাণ হেৰুৱালে কেইবা লাখে

0
36

অসমত কৰ্কট ৰোগ ভয়াৱহতা তথা ইয়াৰ দ্ৰুত প্ৰসাৰে এক উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ বছৰি কেইবা লাখ লোকে এই মাৰাত্মক ব্যাধিৰ চিকাৰ হৈছে আৰু বহুতে অকালতে জীৱন নিয়াবলগীয়া হৈছে৷ শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৮ চনৰ পৰা ২০২২ চনপৰ্যন্ত বিগত পাঁচ বছৰৰ ভিতৰত অসমত কৰ্কট ৰোগত ১১৪১৬৯ গৰাকী ৰোগীয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱা অৱস্থাৰ পৰাই স্পষ্ট হৈ পৰিছে যে সম্প্ৰতি অসমত দুৰাৰোগ্য এই ৰোগে কেনেদৰে কালৰূপ ধাৰণ কৰিছে৷ অসমত এনেদৰে কৰ্কট ৰোগে ভয়ানক ৰূপ ধাৰণ কৰা তথা এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সময়তে অসমৰ প্ৰতিৱেশী ৰাজ্যকেইখনত কৰ্কট ৰোগত আক্ৰান্ত লোকৰ পৰিসংখ্যালৈ লক্ষ্য কৰিলে অসমৰ তুলনাত উক্ত ৰাজ্যসমূহৰ জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি কেনেদৰে সজাগ সচেতন সেয়া স্পষ্ট হয়৷ স্বাভাৱিতে অসমৰ জনসংখ্যাৰ তুলনাত উক্ত ৰাজ্যসমূহৰ জনসংখ্যা কম যদিও এই ৰাজ্যসমূহৰ জনসাধাৰণৰ স্বাস্থ্য সচেতনতা যথেষ্ট প্ৰশংসনীয় হোৱাৰ লগতে সংশ্লিষ্ট ৰাজ্যসমূহৰ দল, সংগঠনৰ কেঞ্চাৰ বিৰোধী সজাগতাৰ কাৰ্যসূচীয়ে সুফল দিয়া বুলি ক’ব লাগিব৷ উল্লেখ্য যে অসমত ধূমপানৰ ব্যৱহাৰ, গুটখা, পাণ মছলা আদিৰ ব্যাপক ব্যৱহাৰ তথা পোৰা মাংসৰ চাহিদা, খাদ্যাভ্যাসৰ সচেতনতাৰ অভাৱ, অসংলগ্ন জীৱন যাপন, অত্যধিক কীটনাশক প্ৰয়োগ কৰা শাক-পাচলি খাদ্য হিচাপে গ্ৰহণ কৰা, অস্বাস্থ্যকৰ মাছ-মাংস, খাদ্যদ্ৰব্যত ভেজাল, ৰাতিটোৰ ভিতৰতে দ্ৰব্য প্ৰয়োগ কৰি পকোৱা ফল-মূল খোৱাৰ ফলত দিনক দিনে এইধৰণৰ মাৰাত্মক ৰোগত আক্ৰান্ত হোৱাৰ অন্যতম কাৰণ বুলি বিবেচিত হৈছে৷ শীঘ্ৰে এইবোৰৰ উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে অসম কৰ্কটৰ হাবলৈ পৰিণত হ’বলৈ বেছিদিন নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here