যোগাসনৰ এই পদ্ধতিয়ে উন্নত কৰে দৃষ্টিশক্তি

0
78

শৰীৰ সুস্থ কৰি ৰখাৰ বাবে যিধৰণৰ ব্যায়াম আছে, ঠিক একদৰে চকুৰ সুৰক্ষাৰ কাৰণেও যোগৰ কিছুমান পদ্ধতি আছে৷ এনে কিছুমান আসন আছে, যি আসন নিয়মিতভাৱে কৰিলে চকুৰ সকলো সমস্যাই সমাধান হয়, যিকোনো জটিল সমস্যাও সহজে সমাধান হ’ব পাৰে এই আসন কৰাৰ ফলত৷ চকুৰ দৃষ্টিশক্তি উন্নত তথা চকুযুৰি নিৰোগী কৰি ৰাখিবলৈ এই যোগাসন নিয়মিতভাৱে কৰিবলৈ চেষ্টা কৰক৷
ফোৰ হেড কনট্ৰাকশ্যন ঃ- মূৰটো ঠিৰ কৰি ৰাখি কপালৰ কোঁচ খোৱাই দিয়ক৷ কপালৰ পেশী এবাৰ সংকোচন আৰু এবাৰ প্ৰসাৰণ কৰক৷ এইদৰে কেইবাবাবে কৰাৰ চেষ্টা কৰক৷ এইদৰে কৰাৰ ফলত চকুৰ ৰক্ত সঞ্চালন উন্নত হয় আৰু এইদৰে চকুৰ ব্যায়াম কৰিলে চকু নিৰোগী হৈ থাকে৷
আই বল ৰোলিং ঃ- মূৰটো স্থিৰ কৰি ৰাখি চকুৰ মণি ৩৬০ ডিগ্ৰী কোণত ঘূৰাব লাগে৷ এবাৰ ঘড়ীৰ কাঁটাৰ দিশে আৰু ইয়াৰ কিছুসময় পাছত এবাৰ ঘড়ীৰ কঁটাৰ বিপৰীত দিশে চকুযুৰি ঘূৰাব লাগে৷ এই পদ্ধতিটো তিনিবাৰ মান কৰিব পাৰে৷ এইদৰে চকুৰ ব্যায়াম কৰিলে চকুৰ শুষ্ক ভাব নোহোৱা হয়৷
ভ্ৰামৰী ঃ- পদ্মাসন, বজ্ৰাসন বা যিকোনো সুখাসনত বহি দুই হাতৰ আঙুলিৰে দুই চকু ঢাকি ধৰক৷ বুঢ়া আঙুলি দুটাৰে কাণৰ ফুটাত এনেদৰে ৰাখক, যাতে বাহিৰৰ কথা শুনা নাপায়৷ এতিয়া এই ভংগীত থাকি মুখেৰে ‘ঔ’ উচ্চাৰণ কৰক৷ ২০ ছেকেণ্ডমান এইদৰে কৰি থাকক৷ এই ব্যায়াম কৰিলে চকুৰ দৃষ্টিশক্তি উন্নত হোৱাৰ লগতে মানসিক চাপৰ পৰা মুক্ত হ’ব পাৰি৷ চকুৰ লগতে এই ব্যায়ামটো মন আৰু মগজুৰো উদ্বেগ-উদ্বিগ্নতা নোহোৱা কৰিব পাৰে৷
জ্যোতি ত্ৰাটক ঃ- অন্ধকাৰ কোঠা এটাত এডাল মমবাতি জ্বলাই লৈ ইয়াৰ শিখাৰ দিশে এক দৃষ্টিৰে চাই থাকক৷ চকুৰ পলক নেপেলোৱাকৈ তেতিয়ালৈকে একধ্যানে চাই থাকক, যেতিয়ালৈকে চকুৰে আপোনাআপুনি পানী নিগৰি নাহে৷ শুষ্ক চকুৰ বাবে এই ব্যায়াম অত্যন্ত উপযোগী৷ চকুৰ এই ব্যায়াম নিয়মিতভাৱে কৰিলে দৃষ্টিশক্তি উন্নত হোৱাৰ লগতে মনঃসংযোগ বৃদ্ধি হয়৷
বিন্দু ত্ৰাটক ঃ- চকুৰ পৰা তিনি ফুটমান আঁতৰত ঘৰৰ দেৱালৰ গাত কোনো এটা ষ্টিকাৰ লগাই থওক অথবা এনে এটা চিহ্ন আঁকক, যাক দেখা যায়৷ এতিয়া ঘৰৰ দেৱালত এই ষ্টিকাৰটো পলক নপৰাকৈয়ে একেথৰে যিমান সময় পাৰে সিমান সময়লৈকে চাই থাকক৷ ইয়াৰ পাছত ইয়াৰ পৰা চকু আঁতৰাই আনি কিছু সময়ৰ বাবে চকুযোৰ মুদি ৰাখক৷ এইদৰে কৰাৰ অভ্যাস কৰিলে চকুৰ দৃষ্টিশক্তি উন্নত হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here