AI-ৰ চমক : প্ৰজেক্ট ডিচেম্বৰ : ছিমুলেট দ্য ডেড

0
37

কল্পকাহিনীত মৃত ব্যক্তিৰ সৈতে যোগ সাধনৰ কথা শুনা যায় যদিও বাস্তৰত ইব আৰু পৰলোকৰ সৈতে সংযোগ স্থাপন সম্ভৱ নহয় বুলি বিশ্বাস কৰা হয়৷ কিন্তু আধুনিক প্ৰযুক্তিয়ে যদি দাবী কৰে যে বিশেষ কোনো যন্ত্ৰৰ দ্বাৰা সেই সংলাপ সম্ভৱ, তেতিয়াহ’লে দীৰ্ঘকাল ধৰি বিশ্বাস কৰি অহা যুক্তিবাদী কথাটোৰ কোনো তাৎপৰ্য নাথাকিব৷ সংবাদ মাধ্যম দ্য মেট্ৰ’ৰ এটা সাম্প্ৰতিক প্ৰতিবেদন অনুযায়ী কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত মৃত ব্যক্তিৰ লগত ‘যোগাযোগ’ৰ নতুন উপায় উদ্ভাৱন কৰাৰ চেষ্টা কৰিছে গৱেষক তথা বিজ্ঞানীয়ে৷ এই ক্ষেত্ৰত কোনো অতিপ্ৰাকৃত উপায় নহয়, বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে এই কামটো সম্পন্ন কৰিবলৈ চেষ্টা কৰাৰ কথা গৱেষকে সদৰী কৰে৷ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে গৱেষণাৰ দ্বাৰা এনে পৰিসেৱা পোৱা সম্ভৱ, যি ব্যৱহাৰ কৰি মৃত ব্যক্তিৰ লগত কথোপকথন কৰা সম্ভৱ হৈ উঠিব পাৰে৷ দ্য মেট্ৰ’ৰ প্ৰতিবেদনৰ পৰা জানিব পৰা মতে নিউয়ৰ্কৰ বাসিন্দা ক্ৰিষ্টি এঞ্জেলে ‘প্ৰজেক্ট ডিচেম্বৰ’ নামৰ এক আই এ পৰিসেৱাৰ মাধ্যমেৰে তেওঁৰ মৃত্যু ঘটা এজন বন্ধুৰ সৈতে কথোপকথন কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে এই পৰিসেৱাৰ সম্পূৰ্ণ নাম প্ৰডেক্ট ডিচেম্বৰ ঃ ছিমুলেট দ্য ডেড৷ এই পৰিসেৱাৰ বিষয়ে বৰ্ণনা ৰি কোৱা হৈছে যে ই হ’ল বিশ্বৰ সৰ্বপ্ৰথম প্ৰযুক্তি, যাৰ সহায়ত ছুপাৰ কম্পিউটাৰৰ সহায় লৈ যিকোনো ব্যক্তিৰ সৈতে লিখিতভাৱে বাক্যালাপ কৰা সম্ভৱ৷ এই প্ৰযুক্তি ব্যৱহাৰ কৰি যিকোনো ব্যক্তিৰ সৈতে কথোপকথন সম্ভৱ৷ উদ্দিষ্ট ব্যক্তি মৃত হ’লেও কোনো অসুবিধাৰ সৃষ্টি নহয়৷ উল্লেখ্য যে প্ৰজেক্ট ডিচেম্বৰৰ পৰিসেৱা লাভ কৰিবলৈ ন্যূনতম দহ আমেৰিকান ডলাৰৰ বিনিময়ত এই পৰিসেৱাত প্ৰৱেশ কৰিব পাৰে৷ আমেৰিকান কম্পিউটাৰ প্ৰগ্ৰামৰ জ্যেচন ৰোহ্ৰাৰ এই বিশেষ প্ৰযুক্তিবিধৰ আৱিষ্কাৰক৷ এইটো আচলতে এটা অনলাইন চেটবট৷ যদি এই বটটোক ব্যৱহাৰ কৰি তাৰ পৰিচিত কোনো মৃত ব্যক্তি সংক্ৰান্ত তথ্য প্ৰদান কৰি কথোপথন আৰম্ভ কৰে, তেতিয়াহ’লে প্ৰজেক্ট ডিচেম্বৰে সেই মৃত লোকজনৰ দৰে উত্তৰ দিবলৈ ধৰে৷ ব্যৱহাৰকাৰীৰ মনত ভাব হ’ব যে তেওঁ মৃত ব্যক্তিজনৰ সৈতে কথা পাতি আছে, মাত্ৰ লোকজনহে তাত উপস্থিত নাই৷ অকল মৃত ব্যক্তি বুলিয়েই নহয়, এই প্ৰযুক্তিৰ ব্যৱহাৰ কৰি কাল্পনিক ব্যক্তিৰ সৈতেও কথোপকথন কৰা সম্ভৱ৷ কাৰ্যতঃ এই প্ৰজেক্ট ডিচেম্বৰ মৃত ব্যক্তিৰ ভূমিকাত অৱতীৰ্ণ হৈছে বা সঁচা কথাত তাৰ প্ৰক্সি দিছে৷ কিন্তু প্ৰকৃততে কেতিয়াও তাৰ পক্ষে সেই মৃত ব্যক্তিজন হৈ উঠা সম্ভৱ নহয়৷ এই বিভ্ৰান্তিয়ে এসময়ত ভয়াৱহতাৰ সৃষ্টি কৰিব পাৰে বুলিও বহুতেই আশংকা কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here