কোন প্ৰাণীৰ হৃদযন্ত্ৰ মূৰত থাকে জানেনে ?

0
56

আমি শৰীৰ বিভিন্ন অংগ-প্ৰত্যংগৰে গঠিত৷ শৰীৰৰ এনে কিছুমান অংগ আছে, যাৰ অবিহনে আমি জীয়াই থকাটো সম্ভৱ নহয় আৰু প্ৰতিটো অংগৰে ভিন্‌ ভিন্‌ কৰ্ম কৰে৷ আনহাতে শৰীৰৰ প্ৰতিটো অংগৰে অৱস্থিতি এটা নিৰ্দিষ্ট ঠাইত থাকে, বিশেষকৈ শৰীৰৰ প্ৰধান অংগসমূহ প্ৰধানকৈ পেটৰ অভ্যন্তৰীণ থাকে৷ যেনে হাঁওফাঁও, হৃদপিণ্ড, যকৃত, বুক্ক আদি মুখ্য অংগসমূহ শৰীৰৰ মাজঅংশত আৱৰণৰ মাজত আবদ্ধ হৈ থাকে৷ কিন্তু আপুনি হয়তো জানি আচৰিত হ’ব যে পৃথিৱীৰ এনে এটা প্ৰাণী আছে, যাৰ হৃদযন্ত্ৰ মূৰত থাকে৷ এই প্ৰাণীটো আমাৰ সকলোৰে পৰিচিত মিছামাছ৷ খাদ্য হিচাপে অতি সুস্বাদু তথা শৰীৰৰ বাবে উপকাৰী মিছামাছত হৃদযন্ত্ৰ বা হাৰ্টটো মূৰৰ ফালে অৱস্থিত৷ মিছামাছৰ শৰীৰৰ দুটা ভাগ থাকে৷ এটা মূৰ আৰু আনটো নেজ৷ মিছামাছৰ হৃদযন্ত্ৰটো থোৰাক্স অঞ্চলত অৱস্থিত, ঠিক মূৰৰ ওপৰত৷ মূৰ আৰু থোৰাক্স বেৰি থাকে এটা এক্সোস্কেলিটনৰ আৱৰণেৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here