সন্তান ধাৰণৰ পৰিকল্পনা সফল নহ’লে এই আসন কৰক

0
37

সন্তান ধাৰণৰ পৰিকল্পনা কৰিছে নেকি? শৰীৰৰ ওজন বৃদ্ধিৰ ফলত সেই পৰিকল্পনাত বাধাৰ সৃষ্টি কৰিব পাৰে৷ চিকিৎসকে কোৱা মতে ওজন বেছি হ’লে গৰ্ভধাৰণ কৰিব পৰা নাযায়, এনেও একেবাৰে নহয়৷ অৱশ্যে অন্তঃসত্ত্বা অৱস্থাত শৰীৰৰ ওজন বেছি হ’লে বিভিন্ন প্ৰকাৰৰ শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ অতিৰিক্ত ওজনে ৰক্ত শৰ্কৰাৰ মাত্ৰা বঢ়াই দিব পাৰে৷ ফলত উচ্ছ ৰক্তচাপৰ সমস্যাই দেখা দিব পাৰে৷ অন্তঃসত্ত্বা অৱস্থাত বঢ়া ওজনৰ বাবে ভ্ৰূণ নষ্ট হৈ যোৱাৰ সম্ভাৱনা বাঢ়ি যায়৷ আনহাতে মহিলাসকলে সন্তান জন্ম দিয়াৰ আগতে শাৰীৰিক ওজনৰ দিশে নজৰ দিয়াটো জৰুৰী৷ মাক হোৱাৰ আগতে শৰীৰৰ বাবে কিছুমান বিশেষ প্ৰস্তুতি কৰা ভাল৷ যোগাসনৰ মাধ্যমেৰে এই সকলোবোৰ সম্ভৱ৷ সেয়ে জানো আহক সন্তান ধাৰণৰ আগতে দৈনিক নিয়ম মানি কোনবোৰ আসন কৰিলে অন্তঃসত্ত্বা হোৱাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰে৷
ভূজাংগসন ঃ- এই আসন কৰিবলৈ প্ৰথমে মূৰটো তল কৰি শোৱাৰ ভংগীত থাকক৷ তাৰ পাছত কঁকালৰ পৰা তলৰ অংশ মাটিত স্পৰ্শ কৰি তাৰ ওপৰৰ অংশ মাটিৰ পৰা ওপৰলৈ লাহে লাহে ওপৰলৈ উঠোৱাৰ চেষ্টা কৰক৷ সেই অৱস্থাত হাতেৰে শৰীৰৰ বেলেঞ্চ ৰাখি মূৰটো ওপৰলৈ যিমান পাৰে সাপৰ ফেট মেলাৰ দৰে কৰক৷আনহাতে তাৰ পাছত ভৰি দুখন ওপৰলৈ উঠাই পিছফালৰ পৰা মূৰটো স্পৰ্শ কৰিবলৈ যত্ন কৰক৷ এনেদৰে কিছু সময় ৰৈ পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহক৷ প্ৰতিদিনে ৩-৪ বাৰ এই আসন কৰিব পাৰে৷ পেটৰ মেদ কমোৱাত এই আসনে সহায় কৰে৷
মালাসন ঃ- প্ৰথমে মাটিত বহাৰ ভংগীত থাকক৷ দুয়োখন ভৰি কিছু মেলি ধৰি কিছু দূৰত্ব ৰাখক৷ এইবাৰ হাত দুখন প্ৰণাম কৰাৰ লেখীয়াকৈ দুই উৰুত কিলাকুটিৰে ভাৰসাম্য ৰাখি এইদৰে বহাৰ ভংগীত কিছু সময়ত থাকক৷ ৩-৪ মিনিট এনেদৰে থাকি পাছত আগত অৱস্থালৈ ঘূৰি আহক৷
মাৰ্জাৰাসন ঃ- প্ৰথমে মাটিত দুই ভৰি তথা হাতৰ ওপৰত ভৰ দি মেকুৰীৰ দৰে ভংগীত থাকক৷ ইয়াৰ পাছত মূৰটো তলমৰ কৰি পিঠিখন ফুলাই উশাহ লওক আৰু পেটটো ভিতৰলৈ নি উশাহ এৰক৷ পাঁচ মিনিটত অন্ততঃ পাঁচবাৰ এইদৰে কৰক৷
পদহস্তাসন ঃ- প্ৰথমে মানুহজন সম্পূৰ্ণ থিয় হৈ লওক৷ এই অৱস্থাত দুই ভৰিৰ মাজত সামান্য ফাক ৰাখক৷ এতিয়া লাহে লাহে হাউলি মূৰটো আঁঠুত লগাবলৈ চেষ্টা কৰক৷ এই সময়ত হাত দুখনেৰে ভৰি পতাত ধৰাৰ যত্ন কৰক৷ কিছু সময়ত এইদৰে থাকি আগৰ অৱস্থালৈ ঘূৰি আহক৷ এইদৰে তিনি চাৰিবাৰ কৰাৰ অভ্যাস কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here