মস্তিষ্ক সক্ৰিয়-প্ৰখৰ ৰাখিবলৈ এই আসন কৰক

0
57

যোগাসনে আমাৰ শৰীৰৰ বিভিন্ন সমস্যা সমাধান কৰিব পাৰে৷ মন-শৰীৰৰ ৰোগ-ব্যাধি দূৰ কৰিবলৈ যোগৰ বিকল্প আন নাই৷ মনক প্ৰফুল্লিত কৰি ৰাখিবলৈ নিয়মিতভাৱে যোগ কৰাৰ অভ্যাস কৰক৷ কিছুমান এনে বিশেষ যোগাসন আছে, যি নিয়মিতভাৱে কৰিলে মস্তিষ্কৰ বিকাশ তথা সক্ৰিয় হৈ থাকে৷ মগজুৰ সক্ৰিয়তা তথা মগজু কম্পিউটাৰ দৰে প্ৰখৰ হ’বলৈ এই যোগ কৰাৰ অভ্যাস কৰক৷
সৰ্বাংগসন ঃ- এই যোগাসনৰ সময়ত কান্ধৰ ওপৰত ভৰ দি কঁকালখন তুলিব লাগে৷ অৰ্থাৎ ভৰি ওপৰৰ ফালে আৰু মূৰটো মাটিৰ ফালে তলমুৱা কৰিব লাগে৷ প্ৰথমে পোন হৈ থিয় হৈ লাহে লাহে এখন ভৰি মাটিত ৰাখি আনখন ভৰি লাহে লাহে ওপৰলৈ উঠাই দিব, একেদৰে এখন হাত মাটিত স্পৰ্শ কৰি আনখন হাতেৰে ওপৰলৈ উঠোৱা ভৰিখন ধৰি থাকক৷ মূৰটো মাটিৰ ফালে তললৈ কৰক৷ কিছু সময়ত এইদৰে ৰৈ পাছত আগত অৱস্থালৈ ঘূৰি আহক৷ এই আসন কৰিলে শৰীৰৰ পৰা মস্তিষ্কলৈ সফলভাৱে ৰক্ত সঞ্চালন প্ৰক্ৰিয়া সম্পন্ন হয়৷ মূলতঃ মস্তিষ্কৰ হাইপোথেলামাছ তথা পিনাল গ্লেণ্ড অংশত ৰক্ত সঞ্চালন সঠিকভাৱে সম্পন্ন হয়৷
শীৰ্ষাসন ঃ- এই যোগাসন কৰাটো সাংঘাতিক কঠিন আৰু জটিল৷ প্ৰশিক্ষকৰ পৰামৰ্শ অবিহনে এই ব্যায়াম কৰিলে মাৰাত্মক বিপদ হ’বও পাৰে৷ কিয়নো মূৰৰ ওপৰত ভৰ দি ভৰি ওপৰলৈ উঠাই লৈ এই ব্যায়াম কৰা হয়৷ অৰ্থাৎ শীৰ্ষাসন কৰাৰ সময়ত আপোনাৰ মূৰ থাকে মাটিত লাগি আৰু ভৰি তথা শৰীৰৰ বাকী অংশ থাকে একেবাৰে ওপৰৰ ফালে৷ শীৰ্ষাসন কৰাৰ সময়ত ভৰিৰ পৰা মূৰ পৰ্যন্ত খুব ভালদৰে ৰক্ত সঞ্চালন প্ৰক্ৰিয়া সম্পন্ন হয়৷ ইয়াৰ ফলত ষ্টে˜চৰ পৰিমাণ কমে৷ শৰীৰে সঠিকভাৱে কাম কৰিবলৈ সক্ষম হয়৷
সেতু বন্ধাসন বা ব্ৰীজ পোজ ঃ- এই যোগাসন কৰাৰ সময়ত আমাৰ শৰীৰ দেখাত এখন ব্ৰীজ বা সেতুৰ লেখীয়া হয়৷ আমাৰ হাড়, মেৰুদণ্ড শক্ত, সুদৃঢ় কৰি তোলে এই ব্যায়ামে৷ প্ৰথমাৱস্থাত ওপৰমুৱাকৈ মাটিত শুই লৈ লওক৷ ভৰি দুখনৰ মাজত সামান্য ব্যৱধান ৰাখি এইবাৰ মূৰটোও মাটিত লগাই দিব৷ তাৰ পাছত শৰীৰৰ মাজৰ অংশ লাহে লাহে ওপৰলৈ তোলাৰ চেষ্টা কৰক৷ এনে সময়ত হাত দুখন পিছফালে ৰাখি ভৰিৰ গোৰোহা স্পৰ্শ কৰিব৷ এনে অৱস্থাত মূৰ আৰু ভৰিৰ ওপৰতে শৰীৰৰ সমগ্ৰ ভাৰসাম্য ৰখাৰ চেষ্টা কৰক৷ এই ব্যায়াম কৰিলে পেশী শিথিল হয়৷ মগজুৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া স্বাভাৱিক ৰখাৰ বাবে এই ব্যায়ামে সহায় কৰাৰ লগতে মগজু শান্ত ৰাখে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here