ধাৰণা কৰাতকৈও ডেৰশ কোটি বছৰ আগতেই প্ৰাণৰ সূচনা হৈছিল

0
71

বেছিভাগ বিশেষজ্ঞই দাবী কৰে যে পৃথিৱীত জটিল প্ৰাণৰ আৰম্ভ প্ৰায় ৬৩ কোটি ৫০ লাখ বছৰ আগতে হৈছিল৷ পৃথিৱীত জটিল প্ৰাণৰ সূচনা হৈছিল বিজ্ঞানীৰ ধাৰণাতকৈও প্ৰায় ১৫০ কোটি বছৰ আগেয়ে– এনে তথ্য প্ৰকাশ পাইছে সাম্প্ৰতিক এক গৱেষণাত৷ ইমানদিনে সকলোৰে ধাৰণা আছিল যে ৬৩ কোটি ৫০ লাখ বছৰ আগতে পৃথিৱীত প্ৰাণীৰ উদ্ভৱ হৈছিল৷ কিন্তু কাৰ্ডিফ ইউনিভাৰছিটিৰ নেতৃত্বত কৰা সৰ্বশেষ গৱেষণাত বহু বছৰ আগতে প্ৰাণীৰ বাস্তুতন্ত্ৰ গঠনৰ সন্ধান পাইছিল৷ মধ্য আফ্ৰিকাৰ দেশ গেবনৰ নিকটৱৰ্তী ফ্ৰান্সভিল বেছিন বা অববাহিকাত এই বাস্তুতন্ত্ৰ পোৱা গৈছে বুলি প্ৰতিবেদনত কোৱা হৈছে৷ গৱেষকৰ দলটোৱে কৈছে যে পাথৰৰ গভীৰত ২১০ কোটি বছৰ আগেয়ে প্ৰাণী জীৱনৰ পৰিৱেশগত অৱস্থাৰ প্ৰমাণ পাইছে দলটোৱে৷ এই বাস্তুতন্ত্ৰ ভূমিখণ্ড এখন সাগৰৰ মাজতে সীমাবদ্ধ আছিল৷ আনহাতে প্ৰাণীৰ অস্তিত্বক লৈ প্ৰচলিত ধাৰণাৰ সৈতে নতুন গৱেষণাৰ ফলাফলে একেবাৰে বিপৰীত মত প্ৰকাশ কৰিছে কিছু বিজ্ঞানীয়ে৷ বেছিভাগ বিশেষজ্ঞৰ দাবী– পৃথিৱীৰ জটিল প্ৰাণৰ আৰম্ভ প্ৰায় ৬৩ কোটি ৫০ লাখ বছৰ আগতে হৈছিল৷ অক্সিজেন আৰু ফচফৰাছৰ দৰে উপাদানৰ প্ৰমাণ পোৱা নাই, যি প্ৰাণীৰ অস্তিত্বক সমৰ্থন নকৰে৷ আনহাতে এই গৱেষণাৰ সৈতে যুক্ত আছিল নন ইউনিভাৰছিটি কলেজ লণ্ডনৰ অধ্যাপক গ্ৰাহাম ছিল্ডচে৷ এই গৱেষণাত তেওঁৰ কিছু আপত্তি আছে৷ তেওঁ বৰ্ণন কৰা মতে ২১০ কোটি বছৰ আগতে পুষ্টিসমৃদ্ধ প্ৰাণী থাকিব পাৰে৷ কিন্তু এটা জটিল জীৱন গঠনৰ বৈচিত্ৰ্যৰ দিশে লৈ যাব পাৰে, সেয়া বিশ্বাস কৰিব নোৱাৰি৷ তেওঁৰ দাবী উচ্ছ মাত্ৰাৰ অক্সিজেন আৰু ফচফৰাছ প্ৰস্তুত হৈছিল পানীৰ একেবাৰে গভীৰতাত দুখন মহাদেশীয় প্লেটৰ সংঘৰ্ষৰ ফলত, যি আগ্নেয়গিৰিৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰে৷ এই সংঘৰ্ষৰ ফলত মহাসাগৰৰ পৰা পানীৰ এটা অংশ বিচ্ছিন্ন হৈ যায়, যি ভূমিখণ্ডৰ পুষ্টিসমৃদ্ধ এক অগভীৰ সমুদ্ৰ তৈয়াৰ কৰিছে৷ পানীৰ ভৰৰ প্ৰকৃতিৰ সীমাবদ্ধতা আৰু কোটি কোটি বছৰ ধৰি চলা প্ৰতিকূল অৱস্থাৰ কাৰণে এনে হ’ব পাৰে৷ গৱেষকৰ দাবী, এই পৃথিৱীৰ জটিল জীৱনৰ সম্ভাব্য টু ষ্টেপ বা দুই পদক্ষেপে বিবৰ্তনক নিৰ্দেশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here