বেছিদিন চেনি নাখালে শৰীৰৰ কি পৰিৱৰ্তন হ’ব পাৰে

0
60

চেনি খোৱা আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয়৷ চাহ, কফি, জুচ, চকলেট, মিঠাই আদি সকলোতে চেনি থাকে৷ ইয়াৰ লগতে খোৱা খাদ্যত চেনি ব্যৱহাৰ অপৰিহাৰ্য৷ অত্যধিক চেনি খোৱাটো যেনেকৈ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক, ঠিক একেদৰে চেনি অবিহনে আমাৰ শৰীৰৰ স্বাস্থ্য ৰক্ষা কৰাটোও সম্ভৱ নহয়৷ আপুনি যদি ১৪ দিন চেনি খোৱাটো বন্ধ কৰি দিয়ে, তেন্তে শৰীৰৰ কি পৰিৱৰ্তন হ’ব পাৰে৷ এনে বহু লোক আছে, যিসকলে শৰীৰৰ সচেতনাৰ বাবে চেনি একেবাৰে খাবলৈ এৰি দিয়ে৷ কোনোৱে শৰীৰৰ ওজন কমোৱাৰ বাবে, আন কোনোবাই ডায়েবেটিছ হোৱাৰ ভয়ত চেনি খাবলৈ এৰি দিয়ে৷ কৰ্মব্যস্ত জীৱন, খোৱাত অনিয়ম, টোপনি খতি, অনিদ্ৰা, অত্যধিক মানসিক চাপ আদিৰ কাৰণে শৰীৰত একাধিক সমস্যা লাহে লাহে নোহোৱা কৰিব পাৰে৷ পুষ্টিবিদৰ মতে শৰীৰৰ স্বাস্থ্যৰ বাবে এমাহমান ডায়েটৰ বাবে চেনি বা মিঠাজাতীয় খাদ্য খাবলৈ বাদ দিয়ে, তেনেহ’লে শৰীৰত একাধিক পৰিৱৰ্তন হ’ব পাৰে৷ জানেনে ১৪ দিন একেলেথাৰিয়ে চেনি খাবলৈ বাদ দিয়ে শৰীৰৰ কি লাভ হ’ব৷ প্ৰথম তিনিদিন চেনি ত্যাগ কৰাটো খুব কঠিন হৈ পৰে৷ মূৰৰ বিষ, পেটৰ বিষ, ক্লান্তিৰ দৰে সমস্যাৰ সন্মুখীন হ’ব পাৰে, যি এটা সাধাৰণ বিষয়৷ তাৰ পাছত এইবোৰ লক্ষণ চেনি বাদ দিলে লাহে লাহে নোহোৱা হয়৷ আপোনাৰ শৰীৰ সম্পূৰ্ণ সতেজ অনুভৱ কৰিব৷ খুউব উদ্যমী বোধ কৰিব৷ ইয়াৰ উপৰি আপোনাৰ শৰীৰত শৰ্কৰাৰ মাত্ৰাও নিয়ন্ত্ৰণত থাকিব৷ বিভিন্ন সময়ত কামৰ প্ৰতি অনীহাৰ ভাব আহে৷ শৰীৰত শক্তি অভাৱ হয়৷ এমাহ চেনি খোৱা বন্ধ কৰি দিলে শৰীৰ-মনলৈ স্ফূৰ্তি তথা আনন্দ আহে৷ শৰীৰৰ কৰ্মদক্ষতা যথেষ্ট বৃদ্ধি পায়৷ মানসিক চাপ, ব্যস্ততাৰ কাৰণে বহুতৰে ৰাতি ভালদৰে টোপনি নাহে৷ এনে অৱস্থাত চেনি ডায়েটৰ পৰা বাদ দিয়ে অনিদ্ৰাৰ সমস্যা দূৰ হয়৷ বাতবিষৰ পৰা ৰেহাই পাবলৈ চেনি খোৱাটো সমূলি বাদ দিয়া দৰকাৰ৷ বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে সৰহ পৰিমাণে চেনি গাঁঠিৰ বিষ বাঢ়ে, সেয়ে যিসকলৰ বাতবিষৰ সমস্যা আছে, তেওঁলোকে এমাহ চেনি বাদ দিয়েই সহজে সমস্যা সমাধান হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here