শুকান ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায়

0
64

আপুনি শুকান ছালৰ গৰাকী নেকি? ছাল উপযুক্ত যতন নহ’লে ছালখন শুকান আৰু ৰুক্ষ হৈ পৰে৷ ইয়াৰ ফলত ছাল ফাটি তাত বগা দাগ পৰিব পাৰে আৰু এই সমস্যা সংক্ৰমিতও হ’ব পাৰে৷ সাধাৰণতে শুকান বতৰ, বহুত গৰম পানীৰে গা ধোৱা, অত্যধিক জুই পুওৱা, দেহত পানীৰ অভাৱ আদিৰ ফলতো ছাল শুকান হ’ব পাৰে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কি কি কৰিব লাগে জানো আহক৷
নাৰিকল তেলত থকা চেটপৰেটেড ফেটি এচিডে ছাল কোমল কৰাত সহায় কৰে৷
কেঁচা গাখীৰত ওটছ মিশ্ৰণ কৰি সেই মিশ্ৰণেৰে স্ক্ৰাব কৰিলেও সুফল পোৱা যায়৷
শুকান ছালৰ বাবে গাখীৰ অতি উত্তম৷ ইয়াত থকা লেকটিক এচিডে ৰুক্ষ ছাল মসৃণ কৰাত সহায় কৰে৷ ইয়াৰ বাবে ঠাণ্ডা গাখীৰত এখন টাৱেল ভিজাই অলপ সময় আক্ৰান্ত অংশত দিব লাগে৷
দৈ লগালেও ছাল মসৃণ হয়৷
শুকান ছালত মৌ ফেচমাস্ক হিচাপে লগাই শুকুওৱাৰ পাছত গৰম পানীৰে ধুই দিব লাগে৷
আক্ৰান্ত অংশত এলোভেৰা জেল লগালেও সুফল পোৱা যায়৷ ৰাতি শোৱাৰ আগত এলোভেৰা জেল লগোৱাটো অতি উত্তম৷
পেট্ৰ’লিয়াম জেলো শুকান ছালৰ আৰ্দ্ৰতা ঘূৰাই অনাত উপকাৰী৷
এণ্টিঅক্সিডেণ্ট বা অমেগা-৩ যুক্ত পাচলি যেনে– বিলাহী, গাজৰ, মটৰ, বিন আদিও শুকান ছালৰ বাবে উপকাৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here