কোন ভিটামিনৰ অভাৱত মানুহ ‘বুঢ়া’ হয়

0
70

কম বয়সতে দেহত বাৰ্ধক্যৰ লক্ষণে দেখা দিছে৷ সাৱধান হোৱা দৰকাৰ৷ এইবিধ ভিটামিনৰ অভাৱত শৰীৰত এই অস্বাভাৱিক প্ৰক্ৰিয়া আহিব পাৰে৷ আমি জনা উচিত যে কোনবিধ ভিটামিনৰ অভাৱৰ বাবে শৰীৰলৈ বাৰ্ধক্য আহে৷ বস্তুতঃ বাৰ্ধক্য হ’ল এটা প্ৰাকৃতিক প্ৰক্ৰিয়া৷ এই স্বাভাৱিক প্ৰক্ৰিয়াৰ পৰা কোনেও বাদ নপৰে, কোনেও ইয়াক ৰোধ কৰিব নোৱাৰে৷ কিন্তু বাৰ্ধক্যৰ বয়স নহওঁতেই বহুতৰে আকৌ শৰীৰলৈ বাৰ্ধক্যৰ আগমন হয়৷ তাৰ বিভিন্ন কাৰণো আছে৷ মানুহৰ বয়স বঢ়াৰ লগে লগে মুখত বলিৰেখা পৰা, ছাল শোতোৰা মোতোৰা পৰা তথা শুষ্কতা, ছাল ওলমি যোৱা আদি স্বাভাৱিকভাৱে আহে৷ কিন্তু কিছুমান ক্ষেত্ৰত বয়সৰ আগতেই এই লক্ষণবোৰে দেখা দিয়ে৷ বয়স যদি ৩০ হৈছে, কিন্তু দেখাত ৪৫ বছৰীয়া যেন লাগে একমাত্ৰ বাৰ্ধক্যৰ লক্ষণবোৰৰ কাৰণে৷ আচলতে ইয়াৰ বাবে সাধাৰণতে দায়ী শৰীৰৰ নিৰ্দিষ্ট ভিটামিনৰ অভাৱ হোৱা কাৰণে৷ জানো আহক কি ভিটামিনৰ অভাৱত বাৰ্ধক্য আহে বা কিয় এই ভিটামিন শৰীৰত কমি যাব পাৰে৷
নেশ্যনেল লাইব্ৰেৰী অব মেডিচিনৰ ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি যেতিয়া শৰীৰত ভিটামিন-ডিৰ অভাৱ হয়, তেতিয়া শৰীৰলৈ এই বাৰ্ধক্য আহে আৰু বাৰ্ধক্যৰ কাৰ্যকলাপ বৃদ্ধি পায়৷ শৰীৰত ভিটামিন-ডিৰ অভাৱ হ’লে ক্ৰমশঃ বাৰ্ধক্যৰ দিশে পৰিচালিত কৰি কেৱল বাৰ্ধক্যৰ হাৰকে ত্বৰান্বিত নকৰে, এনে পৰিস্থিতিৰ সৃষ্টি কৰে যে আলঝেইমাৰ ৰোগৰ দৰে বয়স সম্পৰ্কিত ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰে৷ আমি জানো যে ভিটামিন-ডিয়ে কেলচিয়াম শোষণ নিয়ন্ত্ৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ইয়াৰ লগতে ইমিইন প্ৰক্ৰিয়া তথা সামগ্ৰিক সুস্থতাত বিশেষ অৱদান আগবঢ়ায়৷ নেশ্যনেল ইনষ্টিটিউট অব হেলথৰ দ্বাৰা ১-৭০ বছৰ বয়সীয়াক দৈনিক ১৫ গ্ৰাম ভিটামিন-ডি সেৱনৰ পৰামৰ্শ দিয়া হয়, যি সূৰ্যৰ সংস্পৰ্শত কিছুমান খাদ্য পৰিপূৰক গ্ৰহণৰ মাজেৰে পোৱা সম্ভৱ হয়৷ এই প্ৰসংগত বিশেষজ্ঞই কৈছে যে যদিও বিভিন্ন ভিটামিন ছালখনৰ তাৰুণ্য কৰি ৰখাত সহায় কৰে, কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ হ’ল ভিটামিন-ডি, ই আৰু ভিটামিন-চি৷ এইবোৰ ভিটামিনক বিউটি ভিটামিন বোলা হয়৷ ভিটামিন-চিক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকাৰী ভিটামিন হিচাপে বিবেচনা কৰা হয় বাবে ছালৰ বাবেও সমানেই গুৰুত্বপূৰ্ণ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here