কুকুৰে কামুৰিলে এইবোৰ নাখাব

0
79

কুকুৰে কামুৰিলে আমাৰ বহুতেই ভয় খাই মানসিকভাৱে ভাঙি পৰে৷ আনহাতে কুকুৰে কামোৰাৰ পাছত আমি কি খোৱা উচিত বা অনুচিত সেই সম্পৰ্কে স্পষ্ট জ্ঞানৰ অভাৱত পাছলৈ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়৷ সেয়ে কুকুৰে কামোৰাৰ পাছত কিবোৰ খোৱা একেবাৰে উচিত নহয় সেই সম্পৰ্কে জনা দৰকাৰ৷ কুকুৰে কামোৰাৰ পাছত জীৱাণু তথা বিষ-কোপ নাইকিয়া কৰিবলৈ কি খাদ্য বাদ দিয়া উচিত৷ সেয়ে কুকুৰে কামুৰিলে কিছু খাদ্যৰ পৰা দূৰত থকাই মংগল৷
কুকুৰে কামোৰাৰ পাছত ভুলতো মিঠাইজাতীয় কোনো খাদ্য নাখাব৷ এনে সময়ত মিঠাই খালে ক্ষতস্থান শুকোৱাত যথেষ্ট পলম হয়৷ ইয়াৰ লগতে চেনি বা মিঠাইত বেক্টেৰিয়া বাঢ়ি থাকে বাবে এইবোৰৰ পৰা সহজে সংক্ৰমণ বাঢ়ি যাব পাৰে৷
এই সময়ত মছলাজাতীয় খাদ্য এৰাই চলক৷ কিয়নো এইধৰণৰ খাদ্য খোৱাৰ ফলত বিষ বাঢ়ি যাব পাৰে৷ আনহাতে জলকীয়াৰ গুড়ি বা কেঁচা জলকীয়াই শৰীৰত প্ৰদাহৰ সৃষ্টি কৰে৷
কুকুৰে কামোৰাৰ পাছত মদ্যপান একেবাৰে বাদ দিয়ক৷ মদ্যপানে এই সমস্যা আৰু গুৰুতৰ কৰিব পাৰে, ক্ষতস্থান শুকাওঁতে সময় লাগিব পাৰে৷
প্ৰক্ৰিয়াজাত খাদ্য যেনে ফাষ্ট ফুডৰ নিমখ, ছিপছ, ক্ৰেকাৰ, চেনি তথা অস্বাস্থ্যকৰ চৰ্বি বেছি থকা খাদ্যই শৰীৰৰ প্ৰদাহ বঢ়াই দিব পাৰে তথা এই সমস্যাৰ পৰা নিৰাময় আৰু সুস্থ হোৱাৰ অসুবিধা আনিব পাৰে৷
কেঁচা বা কম সিদ্ধ খাদ্যত বেক্টেৰিয়া থাকিব পাৰে, যি খাদ্যই কুকুৰে কামোৰা স্থানত ক্ষতস্থানৰ সংক্ৰমণ বঢ়াত সহায় কৰে৷
কুকুৰে কামোৰাৰ ক্ষতস্থানৰ পৰা যদি সোনকালে আৰোগ্য হোৱাটো বিচাৰে তেন্তে পনীৰ, গাখীৰ, দৈ আদি দুগ্ধজাত খাদ্য পৰিহাৰ কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here