শৰীৰ-মন সুস্থ ৰাখিবলৈ গা ধোৱা পানীত এই মিহলাওক

0
79

গা ধোৱাৰ প্ৰয়োজন কি কেৱল পৰিচ্ছন্ন থকাৰ বাবে নহয়৷ বৰং গা ধোৱাৰ সৈতে ক্লান্তি দূৰ কৰা, শৰীৰৰ সঠিক তাপমাত্ৰা বজাই ৰখা তথা শৰীৰ সুস্থ আৰু মন প্ৰফুল্লিত কৰি ৰখাৰ কাৰণো হয় প্ৰশান্তিময় স্নানত৷ আনহাতে বহুতেই গা ধোৱা পানীত বিভিন্ন ধৰণৰ এছেনচিয়েল অইল মিহলি কৰি লয়৷ কিছুমানে সামুদ্ৰিক লৱণ বা ছি ছল্ট ব্যৱহাৰ কৰে৷ এইবোৰ মিহলাই লোৱাৰ ভিন্ন স্বাস্থ্যসন্মত কাৰণ আছে৷ এইধৰণৰ পানীৰে গা ধুলে কোনোটো উপাদানে ছালৰ মৃত কোষ আঁতৰ কৰাত সহায় কৰে, কোনোবিধ উপাদানে ছালৰ সুস্থতা তথা উজ্জ্বলতা বৃদ্ধি কৰে৷ ইয়াৰ উপৰি কিছুমান ঘৰুৱা উপাদান আছে, যিবোৰ গা ধোৱা পানীত ব্যৱহাৰ কৰিলে উপকাৰ পোৱা যায়৷ শৰীৰৰ লগতে মনৰো স্বাস্থ্য উন্নত কৰে এইধৰণৰ উপাদানে৷
গা ধোৱাৰ সময়ত পানীত হালধি গুৰি ব্যৱহাৰ কৰিব পাৰে৷ হালধিত থকা এণ্টিবেক্টেৰিয়েল তথা এণ্টি ইনফ্লমেটৰি গুণে ছালৰ সংক্ৰমণজনিত সমস্যা সমাধান কৰিব পাৰে৷ বিশেষকৈ শীতকালৰ সময়ত ভেঁকুৰজনিত বিভিন্ন ৰোগে দেখা দিব পাৰে৷ হালধি মিশ্ৰিত পানীৰে গা ধোৱাৰ ফলত ইয়াৰ পৰা উপশম পাব পাৰি৷
আমাৰ ছালখন ছডিয়াম আৰু মেগনেচিয়াম শোষণ কৰিবলৈ সক্ষম৷ সামুদ্ৰিক লৱণ বা ছি ছল্ট মিহলি পানীৰে গা ধুলে শৰীৰৰ বিষ-বেদনা, ক্লান্তি, অৱসাদ আদি নিৰাময়ত সহায় কৰে৷
এটা বাল্টিত গা ধোৱা পানীত ৰাখি তাত অলপ গ্ৰীন টী ডুবাই ৰাখক৷ তাৰ পাছত এই পানীৰে গা ধুূব পাৰে৷ এনে কৰিলে ছালত সহজে বয়সৰ চাপ নপৰে৷ ইয়াৰ লগতে ছালৰ মসৃণতা তথা উজ্জ্বলতা বৃদ্ধি পায়৷
এটা তিঁয়হ ব্লেণ্ড কৰি তাৰ ৰসখিনি বাহিৰ কৰি গা ধোৱা পানীৰ সৈতে মিহলাই লওক৷ এতিয়া ইয়াত সামান্য লৱণ আৰু পেপাৰমিণ্ট টী বেগ পেলাই দিব৷ এই পানীৰে গা ধুলে শৰীৰ ঠাণ্ডা তথা শীতল হৈ পৰে৷
গা ধুবলৈ ৰখা বাল্টিৰ পানীত অলপ গাখীৰ মিহলাই দিয়ক৷ এই পানীৰে গা ধুলে ছালৰ মৃত কোষ দ্ৰুতভাৱে নোহোৱা হোৱাৰ লগতে ছালৰ ৰ’দে পোৰা দাগ নোহোৱা কৰা তথা ছালখন মসৃণ আৰু উজ্জ্বল কৰাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here