আলিংগনেই স্বস্তি মানসিক সমস্যা সমাধানত

0
142

অতি আপোনাজন, বন্ধু হওক বা প্ৰিয়জন– পৰস্পৰৰ প্ৰতি স্নেহ আৰু ভাল পোৱা প্ৰকাশৰ অন্যতম মাধ্যম হ’ল আলিংগন৷ এটা সমীক্ষা কোৱা হৈছে যে এই আলিংগন মাত্ৰ আৱেগ প্ৰকাশৰ মাধ্যমেই নহয়, আলিংগনৰ কৰাৰ ফলত মস্তিষ্কৰ পৰা একধৰণৰ হৰমন নিঃসৃত হয়, যিয়ে শাৰীৰিক আৰু মানসিক বিকাশত সহায় কৰে৷ মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে আলিংগনে আ(ৰ্যকৰ উপকাৰ সাধন কৰে৷ আনহাতে প্ৰিয়জনৰ লগত আলিংগনবদ্ধ অৱস্থাত অক্সিটোচিন হৰমন নিঃসৃত হয়৷ এই হৰমনে মস্তিষ্ক শান্ত ৰখাত সহায় কৰে৷ সমীক্ষাৰ পৰা জনা গৈছে যে ১০ ছেকেণ্ড বা তাতকৈ বেছি সময়ধৰি আলিংগন কৰিলে মনৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰে৷ বিশেষকৈ প্ৰিয়জনক কোনোবাই জোৰকৈ ধৰিলে মানসিক প্ৰশান্তি আহে৷ ইয়াৰ উপৰি আলিংগনে আৰু বিভিন্ন ধৰণে সহায় কৰে৷
আলিংগনে দ্ৰুত মানসিক চাপ কমোৱাত সহায় কৰে৷ অফিচৰ কামৰ হেঁচা, সাংসাৰিক চাপ আদিয়ে কম-বেছি পৰিমাণে সকলোৱে জৰ্জৰিত৷ এই চাপৰ পৰা মুক্তি পাবৰ বাবে উত্তম উপায় হ’ল আলিংগন৷ ভাল টোপনিৰ বাবে আলিংগনৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে৷
হৃদযন্ত্ৰ সুস্থ তথা সবল ৰাখিবলৈ আলিংগন উপকাৰী৷ গৱেষণাত দেখা গৈছে যে আলিংগন কৰিলে ৰক্ত চাপ নিয়ন্ত্ৰণত থাকে৷ লগতে হৃদস্পন্দনৰ বাবে নিয়ন্ত্ৰণত থকাত আলিংগনে সহায় কৰে৷
মনৰ বিষণ্ণতা দূৰ কৰিবলৈ আলিংগনৰ অভ্যাস কৰক৷ বিভিন্ন সময়ত কোনো কাৰণ নোহোৱাকৈয়ে অকাৰণতে মন বেয়া লাগি থাকে৷ সেই সময়ত প্ৰিয়জনৰ আলিংগনে আপোনাৰ মনলৈ আনন্দ আনি এই সমস্যাক একাষৰীয়া কৰিব পাৰে৷
জানি থোৱা ভাল যে আলিংগনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷
আনহাতে অকাৰণতে মন বেয়া লগাৰ লেখীয়া কোনো পৰিৱেশত আপোনাৰ মনলৈ ভয় ভাব আহিব পাৰে৷ সেয়ে মনৰ ভয় তথা উদ্বেগ ভাব নোহোৱা কৰিবলৈ আলিংগনৰ ফলত এই সমস্যা নিৰাময় হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here