চকুৰ ফুলা ভাব কমাবলৈ এই যোগাসন কৰক

0
67

টোপনি খতি হ’লে বা টোপনি কম হ’লে চকুৰ তলৰ অংশ ফুটি যায়৷ এই সমস্যা বহুতৰে ক্ষেত্ৰতে হোৱা দেখা যায়৷ আনহাতে গোটেই নিশা টোপনি নমৰাকৈ থাকিলেও এনে হয়৷ অৱশ্যে কিছুমানৰ ক্ষেত্ৰত এই বিষয়টো জিনগত৷ এনে অৱস্থাত চকুৰ তলৰ অংশ ফুটি উঠে৷ পুৱা শোৱাৰ পৰা উঠিয়েই সেই ভাব স্পষ্ট হয়৷ অতিৰিক্ত মানসিক চাপ, দুশ্চিন্তা হ’লেও চকুৰ তলৰ অংশ ফুলি উঠিব পাৰে৷ ফুলা চকুৰ নেপথ্যত বহু কাৰণ থাকিব পাৰে৷ চকুৰ তলৰ ফুলা ভাব কমাবলৈ ঔষধ বজাৰত পোৱা যায় যদিও নিৰাময়ৰ বাবে সকলোতকৈ উত্তম পন্থা হ’ল শৰীৰচৰ্চা৷ তলত উল্লেখ কৰা যোগাসনৰ জৰিয়তে চকু ফুলা ভাব নোহোৱা কৰিব পাৰি৷
পশ্চিমোত্তাসন ঃ- এই আসম কৰিবলৈ প্ৰথমে চিত হৈ শুই ল’ব৷ দুয়োখন হাত মূৰৰ পিছফালে ওপৰত দিশে ৰাখক৷ ভৰি দুখন একেলগে জোৰ কৰি ৰাখিব৷ এইবাৰ লাহে লাহে সন্মুখলৈ উঠাৰ চেষ্টা কৰি এইবাৰ দুয়োখন হাতেৰে ভৰিৰ বুঢ়া আঙুলি স্পৰ্শ কৰিবলৈ চেষ্টা কৰক৷ হাত পোন কৰি ৰাখি পেট আৰু বুকু উৰুত ৰখাৰ চেষ্টা কৰক৷ কিছু সময় এই ভংগীত থাকি লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি যাওক৷ এইদৰে তিনি চাৰিবাৰ কৰক৷ এই আসন নিয়মিতভাৱে কৰিলে চকুৰ ফুলা ভাল নোহোৱা হয়৷
বালাসন ঃ- প্ৰথমে মেটত বহি লৈ হাত দুখন আগলৈ আগবঢ়াই দিয়ক৷ তাৰ পাছত শৰীৰটো এনেদৰে ৰাখক যাতে বুকু আৰু উৰু লগ লাগি থাকে৷ বহাৰ ভংগীতে মূৰটো মাটিত লগাই ৰাখি এইবাৰ হাত দুখন আগলৈ প্ৰসাৰিত কৰি দিয়ক৷ এইদৰে কিছু সময় থাকি পাছত পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহক৷ এই আসন স্নায়ুতন্ত্ৰৰ কাৰণে উপকাৰী৷ চকুৰ ফুলা ভাব দূৰ কৰিবলৈ নিয়মিতভাৱে বালাসন কৰিলে সুফল পোৱা যায়৷ ইয়াৰ লগতে পিঠিৰ বিষ কমাবলৈও এই আসন যথেষ্ট উপকাৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here