প্ৰতিবছৰে কিশোৰীয়ে অধিক সন্তান জন্ম দিয়ে : ক’ত ?

0
90

ইউনিচেফ, হু আৰু ইউ এন এফ পি এ-ই যুটীয়াভাৱে চলোৱা এটা বিশ্লেষণ মতে প্ৰতিবছৰে দক্ষিণ এছিয়াৰ প্ৰায় ৬৫০০ কিশোৰীয়ে সন্তান জন্ম দিওঁতে প্ৰাণ হেৰুৱায় আৰু তেওঁলোকৰ অধিকাংশই নাবালিকা৷ নিজৰ জীৱন আৰু প্ৰজনন স্বাস্থ্যত তেওঁলোকৰ ক্ষমতা সীমিত৷ দক্ষিণ এছিয়াত ২৯ কোটি চাইল্ড ব্ৰাইড আছে৷ বিশ্বত যিমান চাইল্ড ব্ৰাইড আছে, তাৰ প্ৰায় আধা আছে দক্ষিণ এছিয়াত৷ দক্ষিণ এছিয়াৰ তিনিখন দেশত তেওঁলোকৰ সংখ্যা বিদ্যালয়লৈ যোৱা অবিবাহিত কিশোৰীতকৈ চাৰিগুণ বেছি৷ দক্ষিণ এছিয়াত কিশোৰীসকলৰ গৰ্ভাৱস্থা সম্পৰ্কীয় এখন সন্মিলনত দক্ষিণ এছিয়াত প্ৰতিবছৰে সন্তান জন্ম দিয়া কিশোৰীসকলৰ বিষয়টোত গুৰুত্ব দিবলৈ আৰু সমাধান উলিয়াবলৈ এই সংগঠন তিনিটাই আহবান জনায়৷ উল্লেখ্য যে প্ৰতিবছৰে দক্ষিণ এছিয়াত ২২ লাখৰো অধিক কিশোৰীয়ে সন্তান জন্ম দিয়ে৷ব্দ

LEAVE A REPLY

Please enter your comment!
Please enter your name here