অবিশ্বাস্য সাফল্য : শুক্ৰগ্ৰহলৈ পঠিয়ালে জনপ্ৰিয় গান

0
88

এতিয়ালৈ শুক্ৰ গ্ৰহলৈ মানুহ পঠিয়াব নোৱাৰিলেও কিন্তু পৃথিৱীৰ পৰা এটা গান পঠিয়াবলৈ সক্ষম হৈছে বিজ্ঞানীয়ে৷ শুক্ত গ্ৰহলৈ আৰু এই গানটো অতি কম সময়ত ভিতৰতে পঠিয়াবলৈ সক্ষম হয়৷ আমি বাস কৰা পৃথিৱীৰ বিভিন্ন প্ৰান্তৰত বহুতো জনপ্ৰিয় তথা চিৰসেউজ গানৰ সৃষ্টি হৈ আছে৷ মানুহৰ মন-প্ৰাণ ভৰাই পেলোৱা সেইধৰণৰ গানবোৰৰ ভিতৰত বাংলাৰ ৰবীন্দ্ৰনাথৰ গানেই হওক বা পাশ্চাত্যৰ হিপ হপৰ সংগীতৰ জনপ্ৰিয় গানেই হওক৷ এনে এটা জনপ্ৰিয় তথা পৃথিৱী বিখ্যাত গান পৃথিৱীৰ পৰা শুক্ৰ গ্ৰহলৈ গ’ল৷ ইয়াৰ আগতে শুক্ৰ গ্ৰহলৈ পৃথিৱীৰ পৰা এনে কোনো গান পঠিওৱা হোৱা নাছিল৷ এইখিনিতে মনত প্ৰশ্ন উঠিব পাৰে যে ইয়াত গান শুনাৰ কাৰণে কোনোবা আছে নেকি? নাই, শুক্ৰ গ্ৰহত গান শুনিবলৈ কোনো নাই৷ কিন্তু পৃথিৱীৰ পৰা শুক্ৰ গ্ৰহলৈ যে গান যাব পাৰে, সেইটো কোনোৱে ইয়াৰ আগতে ভাবিছিল নেকি? এই অসাধ্য সাধন কৰিছে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই৷ কেলিফৰ্নিয়াত নাছাৰ জেট প্ৰপালশ্যন লেবৰেটৰি আছে৷ ইয়াৰ পৰাই বিখ্যাত গায়ক মিচি ইলিয়টে গোৱা এটা বিখ্যাত হিপ হপ গান ‘দ্য ৰেন’ক শুক্ৰ গ্ৰহলৈ পঠিয়ালে গৱেষকে৷ উল্লেখ্য যে শুক্ৰ গ্ৰহলৈ এই গানটো পঠিয়াবলৈ সময় লৈছিল ১৪ মিনিট৷ পোহৰৰ গতিৰে গানটো শুক্ৰ গ্ৰহলৈ পঠিওৱা হৈছিল৷ ইয়াৰ আগতে মহাকাশলৈ কোনেও এইধৰণৰ গান পঠিওৱা নাই৷ মহাকাশ বিজ্ঞানৰ ইতিহাসত এই কাৰ্যই এক যুগান্তৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here